১৩ আসনৰ ১০ খনতে বিজয়ী INDIA: উপ-নিৰ্বাচনত বিধ্বস্ত BJP... 
ৰাষ্ট্ৰীয়

১৩ আসনৰ ১০ খনতে বিজয়ী INDIA: উপ-নিৰ্বাচনত বিধ্বস্ত BJP...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ মুঠ ৭ খন ৰাজ্যৰ ১৩ খন বিধানসভা আসনৰ উপ- নিৰ্বাচনত বিধ্বস্ত হ’ল বিজেপি। এই ১৩ খন আসনৰ ১০ খনেই লাভ কৰিলে বিৰোধী মিত্ৰজোঁটে। ফলত আগন্তুক কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে অধিক মনোবল লাভ কৰিলে বিৰোধীয়ে। সমান্তৰালকৈ লোকসভা নিৰ্বাচনত আশানুৰূপ ফলাফলৰ পৰা বঞ্চিত হোৱা বিজেপিৰ বাবে উপ-নিৰ্বাচনৰ পৰাজয়ো এক চিন্তাৰ বিষয় হৈ পৰিছে।

উল্লেখ্য যে, আজি পঞ্জাৱৰ এখন, হিমাচল প্ৰদেশৰ ৩ খন, উত্তৰাখণ্ডৰ এখন, পশ্চিমবংগৰ ৪ খন, মধ্যপ্ৰদেশৰ এখন, বিহাৰৰ এখন, তামিলনাডুৰ এখন বিধানসভা আসনৰ নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হৈ যায়। ঘোষিত নিৰ্বাচনৰ ফলাফল অনুসৰি পঞ্জাৱৰ আসনখনত আপৰ প্ৰাৰ্থী মহীন্দৰ ভগটে বিজেপিৰ শীতল অঙ্গুৰালক পৰাস্ত কৰে। তামিলনাডুৰ বিক্ৰাৱন্দি সমষ্টিত ডি এম কেৰ অন্নিয়াৰ শিৱাই বিজয়ী হৈছে।

পশ্চিমবংগত তৃণমূল কংগ্ৰেছে আটাইকেইখন আসনতে বিজেপিক পৰাস্ত কৰি দখল কৰিবলৈ সক্ষম হৈছে। এই আসন কেইখনক্ৰমে ৰায়গঞ্জ, বাগদা, মণিকতলা আৰু ৰাণাঘাট দক্ষিণ। হিমাচল প্ৰদেশত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ পত্নী তথা কংগ্ৰেছ প্ৰাৰ্থী কমলেশ ঠাকুৰে বিজেপিৰ হোচিয়াৰ সিঙক পৰাস্ত কৰিছে।

নালাগড় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হৰদীপ সিং বাৱাই বিজেপিৰ কে এল ঠাকুৰক পৰাস্ত কৰিছে। হামিৰপুৰ আসনত বিজেপি প্ৰাৰ্থী আশীষ শৰ্মাই কংগ্ৰেছৰ পুষ্পিন্দৰ বাৰ্মাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

উত্তৰাখণ্ডৰ বদ্ৰীনাথ আৰু মংলাউৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী লাখপত সিং বুটোলা আৰু কাজী নিজামুদ্দিনে বিজয় লাভ কৰিছে। মধ্যপ্ৰদেশৰ অমৰৱাৰত বিজেপিৰ কমলেশ প্ৰতাপ শ্বাহীয়ে কংগ্ৰেছৰ ধিৰণ শ্বাহ ইনৱতীক পৰাস্ত কৰিছে। বিহাৰত আকৌ নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিঙে জেডি(ইউ)ৰ কলাধৰ প্ৰসাদ মণ্ডলক পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

যিহেতু সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছে সেয়ে উপ-নিৰ্বাচনৰ এনে ফলাফলে স্বাভাৱিকতে বিৰোধী ইণ্ডিয়াক যথেষ্ট আশাবাদী কৰি তুলিছে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিয়ে ‘অবকি বাৰ ৪০০ পাৰ’ শ্লোগানেৰে অৱতীৰ্ণ হৈছিল যদিও দলটোৰ আসনৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট হ্ৰাস পালে।

২০১৪ আৰু ২০১৯ ত একক সংখ্যাগৰিষ্ঠতা পোৱা বিজেপিয়ে এইবাৰ একক সংখ্যাগৰিষ্ঠতা দূৰৰে কথা মাত্ৰ ২৪০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল। বিহাৰৰ জে ডি ইউ আৰু তেলেগু দেশম পাৰ্টিৰ সহযোগতহে চৰকাৰ গঠন কৰিলে বিজেপিয়ে।

ইয়াৰে জেডিইউৰ ইতিহাস বৰ এটা সুবিধাজনক নহয়। সেয়ে সকলো সময়তে সজাগ হৈ থাকিবলগীয়া হৈছে বিজেপি। ইয়াৰ বিপৰীতে বিৰোধী ইণ্ডিয়াই ২৩৪ খন আসন লাভ কৰিও যথেষ্ট উৎফুল্লিত হৈ পৰিছে।

বিৰোধীয়ে আগন্তুক সময়ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ বাবে এই উপ-নিৰ্বাচনৰ ফলাফলৰ পৰা যথেষ্ট সাহস লাভ কৰিছে। ইয়াৰোপৰি সকলো সময়তে কেন্দ্ৰৰ এন ডি এ চৰকাৰৰ ওপৰত এক প্ৰভাৱ ৰাখি চৰকাৰক বিপদ পেলোৱাৰো চেষ্টা অব্যাহত ৰাখিছে।