সলনি হ'ল উপ নিৰ্বাচনৰ দিনঃ ১৪ টা সমষ্টিৰ বাবে নতুন দিন নিৰ্ধাৰণ নিৰ্বাচন আয়োগৰ... 
ৰাষ্ট্ৰীয়

সলনি হ'ল উপ নিৰ্বাচনৰ দিনঃ ১৪ টা সমষ্টিৰ বাবে নতুন দিন নিৰ্ধাৰণ নিৰ্বাচন আয়োগৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১৪ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণৰ দিন সলনি কৰিলে নিৰ্বাচন আয়োগে। আজি এক নিৰ্দেশনাৰ জৰিয়তে আয়োগে পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু কেৰালাৰ এই বিধানসভা সমষ্টিসমূহৰ উপ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন সলনি কৰা হৈছে।

আয়োগে প্ৰকাশ কৰা জাননীত উল্লেখ কৰা অনুসৰি বিভিন্ন উৎসৱৰ বাবে এই ৰাজ্য তিনিখনত ১৩ নৱেম্বৰৰ পৰিবৰ্তে ২০ নৱেম্বৰ ভোট গ্ৰহণৰ নতুন দিন নিৰ্ধাৰণ কৰা হৈছে।

ভোটগ্ৰহণৰ দিন সলনি হোৱা এই সমষ্টি কেইটা হৈছে কেৰালাৰ ৫৬ নং পাল্লাকাডা, পঞ্জাৱৰ ১০ নং ডেৰা বাবা নানাক, ৪৪ নং চব্বেৱাল, ৮৪ নং গিড্ডেৰবাহা, ১০৩ নং বাৰ্নালা আৰু উত্তৰ প্ৰদেশৰ ১৬ নং মীৰাপুৰ, ২৯ নং কুনডাৰকী, ৫৬ন নং গাজিয়াবাদ, ৭১ নং খেইৰ, ১১০ নং কাৰ্হাল, ২১৩ নং ছিছামাও, ২৫৬ নং ফুলপুৰ, ২৭৭ নং কাটেহাৰী আৰু ৩৯৭ নং মাজাৱন।