ৰাষ্ট্ৰীয়

খনি কেলেংকাৰীঃ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ চিবিআইৰ চমন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টীৰ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱলৈ চিবিআইৰ চমন। খনি কেলেংকাৰীৰ সন্দৰ্ভত চিবিআইয়ে অখিলেশক ২৯ ফেব্ৰুৱাৰীত সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে। কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে চিআৰপিচিৰ ১৬০ ধাৰাৰ অধীনত ২১ ফেব্ৰুৱাৰীত অখিলেশ যাদৱক চমন জাৰি কৰিছিল।

নিৰ্দেশ মৰ্মে ২৯ ফেব্ৰুৱাৰীত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব অখিলেশ যাদৱ। চমনত কোৱা হৈছে যে চিবিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ হাজিৰ হ'ব লাগিব।

অবৈধ খনন গোচৰৰ তদন্ত কৰি থকা চিবিআইয়ে ২০১৯ চনত দাবী কৰিছিল যে মুখ্যমন্ত্ৰী হৈ থাকোতে অখিলেশ যাদৱৰ কাৰ্যালয়ে এদিনতে ১৩ খন খনি লীজ অনুমোদন কৰিছিল। চিবিআইয়ে কৈছিল যে কিছু সময়ৰ বাবে অখিলেশৰ ওচৰত এই খনি বিভাগটো আছিল আৰু তেওঁ ১৪ খনন লীজত দিয়াৰ মঞ্জুৰী দিছিল। ইয়াত ই-টেণ্ডৰিঙৰ উলংঘা হৈছিল।