ৰাষ্ট্ৰীয়

ইউনিফাইড পেঞ্চন আঁচনিত অনুমোদন কেন্দ্ৰৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : কৰ্মচাৰীসকলৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি চমুকৈ ইউ পি এছ প্ৰৱৰ্তনৰ বাবে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰে।

উক্ত বৈঠকত ২০২৫ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ইউনাইটেড পেঞ্চন আঁচনি বলবৎ হোৱাৰ কথা জানিবলৈ দিয়ে। কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত এই বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২৩ লাখ কৰ্মচাৰী ইউনিফাইড পেঞ্চন আঁচনিৰ দ্বাৰা উপকৃত হ’ব । আজি কেন্দ্ৰীয় কেবিনেটে নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰা চৰকাৰী কৰ্মচাৰীৰ বাবে ইউ পি এছত অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা ২৩ লাখ কৰ্মচাৰী উপকৃত হ’ব বুলি মন্তব্য কৰে ৷