শান্তি চুক্তিলৈ আৰু কিমান দূৰ? এই সপ্তাহতে আলফা আৰু NSCN-IM ৰে বৈঠক...  
ৰাষ্ট্ৰীয়

শান্তি চুক্তিলৈ আৰু কিমান দূৰ? এই সপ্তাহতে আলফা আৰু NSCN-IM ৰে বৈঠক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা নাশ কৰি অঞ্চলটোত স্থায়ী শান্তি আনিবলৈ কেন্দ্ৰৰ প্ৰচেষ্টা দীৰ্ঘদিনীয়া। অঞ্চলটোৰ অতি শক্তিশালী দুটা বিদ্ৰোহী গোট ক্ৰমে নাগালেণ্ডৰ এন এছ চি এন- আই এম আৰু অসমৰ সংযুক্ত মুক্তি বাহিনী অসম।

এই দুয়োটা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ যেন কঁকালত টঙালি বান্ধিছে কেন্দ্ৰই। ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে যিকোনো পৰিস্থিতিত শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হোৱা কেন্দ্ৰেই সেয়েহে চলিত সপ্তাহে এই দুয়োটা বিদ্ৰোহী সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনাত বহিব।

শুকুৰবাৰে আলোচনাপন্থী আলফাৰ নেতৃত্বৰে দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকতে আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তিৰ বিষয়টো সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হ’ব।

এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়, আলফাৰ উপৰিও ৰাজ্য চৰকাৰৰ প্ৰতিনিধিও উপস্থিত থাকিব। জানিব পৰা মতে আলফাৰ আলোচনাপন্থী গোটৰ হৈ এই বৈঠকত অংশগ্ৰহণ কৰিব সভাপতি অৰবিন্দ ৰাজখোৱাই। আনহাতে ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই আলোচনাত উপস্থিত থকাৰ সম্ভাৱনা আছে।

অৱশ্যে পৰেশ বৰুৱা অবিহনে আলফাৰ শান্তি চুক্তি কিমানদূৰ ফলপ্ৰসূ হ’ব সেয়া এক বেলেগ বিষয়। কিন্তু শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক মুকলিকৈ জংঘলৰ পৰা মুকলি আকাশৰ তললৈ আহিবলৈ জনোৱা আহ্বান আৰু পৰেশ বৰুৱায়ো শান্তি আলোচানৰ বাবে দিয়া যোগাত্মক ইংগিতে আলফা স্বাধীনেও যে শান্তি আলোচনাৰ পক্ষপাতী সেয়া স্পষ্ট কৰে।

অৱশ্যে পৰেশ বৰুৱাই সাৰ্বভোমত্বৰ চৰ্ত অবিহনে আলোচনাত নবহে বুলি ইতিমধ্যে ঘোষণা কৰিছে। সেয়েহে আলফাৰ সৈতে সান্তি চুক্তিৰ বিষয়টো ইমান সহজ হৈয়ো থকা নাই।

ইফালে নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আই এমৰ সৈতেও কেন্দ্ৰই নগা চুক্তিৰ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। জানিব পৰা মতে চলিত সপ্তাহতে এই বৈঠক অনুষ্ঠিত হ'ব।

কিন্তু এই বৈঠক ক'ত অনুষ্ঠিত হ'ব তাক লৈ চলিছে ব্যাপক চৰ্চা। সকলো ঠিকেই থাকিলে অহা ২১ আগষ্টত ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আইএমৰ লগত এক জৰুৰী বৈঠকত বহিব।

ইতিমধ্যে এই বিষয়ে নাগালেণ্ডৰ স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে সংগঠনটোৰ সাধাৰণ সম্পাদক টি এইছ মুইভাই প্ৰকাশ কৰিছিল। কেন্দ্ৰ আৰু এন এইছ চি এন-আই এমৰ এই বৈঠক অসমৰ বাবেও অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

কিয়নো এন এছ চি এনে নগাবসতি প্ৰধান অঞ্চল নাগালেণ্ডৰ অন্তৰ্ভুক্তিৰ দাবী কৰি আহিছে। ২০১৫ চনত স্বাক্ষৰিত হোৱা নগা ফ্ৰেমৱৰ্ক চুক্তিৰ আধাৰত নাগা বসতি প্ৰধান অঞ্চল নাগালেণ্ডত অন্তৰ্ভুক্তিৰ কথা ঘোষণা কৰা হৈছিল।

যদি নাগা ফ্ৰেমৱৰ্ক সম্পূৰ্ণ কাৰ্যকৰী হয় তেন্তে অসমৰ এক বৃহৎ অঞ্চল নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ আধাৰতে নাগালেণ্ডৰ অন্তৰ্ভুক্ত হোৱাৰ বাট মুকলি হ'ব। আজিও সেই নাগা ফ্ৰেমৱৰ্কৰ আধাৰতে অসমৰ বিশাল ভূমিখণ্ড নাগালেণ্ডৰ অন্তৰ্ভুক্তিৰ বাবে বিভিন্ন কৌশল ৰচনা হৈ আহিছে।  

ইফালে কেন্দ্ৰ আৰু এন এছ চি এন-আই এমৰ পৰৱৰ্তী বৈঠক দেশৰ বাহিৰত কোনো এক নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ দাবী ২০২০তে উত্থাপন কৰিছিল সংগঠনটোৰে নেতা মুইভাই। সেয়েহে ২১ তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ স্থানক লৈ এতিয়া উৎসুকতাৰ সৃষ্টি হৈছে।