চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চন্দ্ৰবাবু নাইডুৱে... 
ৰাষ্ট্ৰীয়

চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব চন্দ্ৰবাবু নাইডুৱে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চতুৰ্থবাৰৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব চন্দ্ৰবাবু নাইডুৱে। সদ্য সমাপ্ত ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পাছতে ৰাজ্যখনত টিডিপিৰ নেতৃত্বত এন ডি এৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈছে।

ইয়াৰ পিছতে আজি অনুষ্ঠিত হোৱা এন ডি এৰ বিধায়িনী দলৰ বৈঠকত পুনৰ চন্দ্ৰবাবু নাইডুকে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। এতিয়া কেৱল আনুষ্ঠানিক শপতগ্ৰহণলৈহে বাকী।

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত এইবাৰ টিডিপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে বিজয় সাব্যস্ত কৰে।মঙ্গলবাৰে ৰাজ্যখনৰ এন ডি এৰ বিধায়কসকলৰ বৈঠকত জন সেনা পাৰ্টিৰ বিধায়ক পৱন কল্যাণে চন্দ্ৰবাবু নাইডুৰ নাম মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰে।

চন্দ্ৰবাবু নাইডুৱে সংবাদ মাধ্যমৰ আগত কয়, ''বিজেপি, জনসেনা পাৰ্টি আৰু টি ডি পিৰ সকলো বিধায়কে অন্ধ্ৰপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে মোৰ নামত সহাৰি জনাইছে।''

ইয়াৰ লগে লগে ৰাজ্যখনত চতুৰ্থবাৰৰ বাবে চন্দ্ৰবাবু নাইডু মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিয় হয়।উল্লেখ্য যে, অন্ধ্ৰপ্ৰদেশৰ ১৭৫ জনীয়া বিধানসভাত তেলেগু দেশম পাৰ্টিয়ে অকলেই ১৩৫ খন আসন লালভ কৰিছে। দলটোৰ সহযোগী জন সেনা পাৰ্টিয়ে ২১ খন আৰু বিজেপিয়ে ৮ খন আসন লাভ কৰিছে। ৱাই এছ আৰ চি পিয়ে লাভ কৰিছে মাত্ৰ ১১ খন আসন।