ৰাষ্ট্ৰীয়

চন্দ্ৰযান-৩ অভিযানৰ ব্যয় ৬১৫ কোটি টকা : ১৪ জুলাইৰ দুপৰীয়া উৎক্ষেপণ

Asomiya Pratidin

ডিজিটেল ডেস্ক : ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ( ইছৰ')। অহা ১৪ জুলাইত দুপৰীয়া ২-৩৫ বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব চন্দ্ৰযান-৩খন।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এল ভি এম-৩ ৰকেটৰ জৰিয়তে মহাকাশলৈ নিক্ষেপ কৰা হ'ব চন্দ্ৰযান-৩খন। উল্লেখ্য যে, ইয়াৰ ব্যয় পূৰ্বৰ অভিযানসমূহতকৈ এইবাৰ কম হ'ব বুলি ইছৰ'ই উল্লেখ কৰে। প্ৰায় ৬১৫ কোটি টকাতে এই অভিযান সম্পূৰ্ণ হ'ব।

২০০৮ চনৰ চন্দ্ৰযান-১ অভিযানত ব্যয় হৈছিল ৩৮৬ কোটি টকা আৰু ২০১৯ চনৰ চন্দ্ৰযান-২ অভিযানত ৯৭৮ কোটি টকা ব্যয় হৈছিল। আমেৰিকাই চন্দ্ৰ অভিযানৰ বাবদ এতিয়ালৈকে ৮৮৫ লাখ কোটি টকা ব্যয় কৰিছে। ছোভিয়েট ৰাছিয়াই ব্যয় কৰিছে ১৬৫ লাখ কোটি টকা।