ডিজিটেল ডেস্ক : আজি ১৪ জুলাই, অৱশেষত আহি পালে সেই ক্ষণ। শুকুৰবাৰে দুপৰীয়া ২-৩৫ বজাত মহাকাশলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে। শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব চন্দ্ৰযান-৩খন।
তৃতীয়টো অভিযানৰ বাবে যাত্ৰা কৰিব চন্দ্ৰযানে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ')ৰ প্ৰযুক্তিৰে নিৰ্মিত এল ভি এম-৩ ৰকেটৰে নিৰ্মাণ কৰা হৈছে চন্দ্ৰযান-৩খন। এই অভিযানত ব্যয় হৈছে প্ৰায় ৬১৫ কোটি টকা। ইয়াৰ পূৰ্বে ২০০৮ চনৰ চন্দ্ৰযান-১ আৰু ২০১৯ চনত চন্দ্ৰযান-২য়ে চন্দ্ৰ অভিযানত গৈছিল।
উল্লেখ্য যে এই শুভক্ষণৰ বাবে চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰ'ৰ বিজ্ঞানীসকলে তিৰুপতি মন্দিৰত মাংগলিক পূজা-অৰ্চনা আগবঢ়াইছে। এই মাহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সাধাৰণ লোককো আমন্ত্ৰণ জনাইছে।
উল্লেখযোগ্য যে চন্দ্ৰযান-৩ অভিযানৰ লগত আন আন বিজ্ঞানীসকলৰ সৈতে অসমৰ চয়ন দত্তও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।