ৰাষ্ট্ৰীয়

'চন্দ্ৰযান-৩'ৰ সফলতাত আছিল অৰিহণা, দৰমহা নাপাই পদপথত বিক্ৰী কৰিছে ইডলী..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ ইতিহাসত ২০২৩ চনৰ ২৩ আগষ্টৰ দিনটো চিৰকালৰ বাবে সোণালী আখৰেৰে লিখা থাকিব। ভাৰতৰ উত্তৰ প্ৰজন্মই এই দিনটো ভাৰতৰ সৌৰ্য, শক্তি আৰু গৌৰৱৰ দিন হিচাপে মনত ৰাখিব। ২০২৩ চনৰ ২৩ আগষ্টৰ দিনটোতেই সমগ্ৰ বিশ্বক আচম্বিত কৰি ভাৰতে ৰচিছিল এক অনন্য ইতিহাস। সেই দিনটোতে চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰিছিল ভাৰতৰ প্ৰক্ষেপিত মহাকাশযান চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে। ইয়াৰ পিছতেই সমগ্ৰ বিশ্বই প্ৰশংসাৰে উপছাই পেলাইছিল ভাৰতৰ লগতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰতিজন কৰ্মকৰ্তাকে।

ভাৰতৰ চন্দ্ৰজয়ৰ এই সপোন আছিল বহুদিনীয়া। এই সপোন বাস্তৱায়িত কৰিবলৈ বহুতেই উৎসৰ্গা কৰিছিল নিজৰ জীৱনৰ বহুমূলীয়া সময়। ইয়াৰ মাজতেই আছিল হেভি ইনজিনিয়াৰিং কৰ্পোৰেচন লিমিটেড নামৰ চৰকাৰী কোম্পানী এটাৰ একাংশ কাৰীকৰী বিদ্যাবিদো।

দীপক কুমাৰ উপৰাৰিয়াও আছিল  এই হেভি ইনজিনিয়াৰিং লিমিটেড কৰ্পোৰেচন চমুকৈ এইচ ই চিৰ এজন কৰ্মচাৰী। চন্দ্ৰযান-৩ ৰ লঞ্চপেড নিৰ্মাণত দীপক আৰু তেওঁৰ সহকৰ্মীসকলৰ আছিল যথেষ্ট অৰিহণা। কিন্তু সংবাদ প্ৰতিষ্ঠান বিবিচি'য়ে প্ৰকাশ কৰা এক খবৰ অনুসৰি দীপক আৰু তেওঁৰ সহকৰ্মীসকলে যোৱা ১৮ মাহে পোৱা নাই দৰমহা। যাৰবাবে এতিয়া পৰিয়াল পোহ-পাল দিয়াৰ খাতিৰত দীপক কুমাৰ উপৰাৰিয়াই পদপথৰ কাষত আৰম্ভ কৰিছে ইডলীৰ দোকান।

বিবিচি'ৰ খবৰ অনুসৰি ৰাঁচীৰ ধৰুৱা অঞ্চলৰ পুৰণি বিধানসভাৰ ঠিক সন্মুখতেই ৰাতিপুৱা গধুলি ইডলীৰ দোকান দিয়ে দীপক কুমাৰ উপৰাৰিয়াই। এক সাক্ষাৎকাৰত উপৰাৰিয়াই জনাই যে, তেওঁ কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে আৰু কাৰ্যালয়ৰ পৰা আহি পদপথৰ কাষত ইডলী বিক্ৰী কৰে। দৈনিক তেওঁ ৩০০ ৰ পৰা ৪০০ টকাৰ ইডলী বিক্ৰী কৰে, য’ত তেওঁৰ মাত্ৰ ৫০ ৰ পৰা ১০০ টকা লাভ হয়। এই সামান্য উপাৰ্জনেৰেই এতিয়া পৰিয়াল পোহপাল দি থাকিবলগীয়া হৈছে বুলি জনাই চন্দ্ৰযান-৩ ৰ সফলতাত অৰিহণা যোগোৱা কাৰাকৰী বিদ্যবিদ গৰাকীয়ে।

উল্লেখ্য যে,  চন্দ্ৰযান-৩ৰ বাবে ফল্ডিং প্লেটফৰ্ম আৰু স্লাইডিং দুৱাৰ নিৰ্মাণ কৰা ভাৰত চৰকাৰৰ এইচ ই চি কোম্পানীৰ প্ৰায় ২৮০০ কৰ্মচাৰীয়ে যোৱা ১৮ মাহে দৰমহা পোৱা নাই বুলি বাতৰি প্ৰকাশ কৰিছে বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান বিবিচি'য়ে।

সাক্ষাৎকাৰত দীপক কুমাৰে জনোৱা মতে, তেওঁ ১০১২ চনত ২৫০০০ টকীয়া দৰমহাৰ ব্যক্তিগত কোম্পানী এটাৰ কাম এৰি মাত্ৰ ৮০০০ টকাৰ বিনিময়ত এইচ ই চি'ত যোগদান কৰিছিল। যোগদানৰ সময়ত তেওঁ আশা কৰিছিল যে দৰমহা কম হ’লেও চৰকাৰী কোম্পানীত তেওঁৰ ভৱিষ্যত সুনিশ্চিত হৈ থাকিব। কিন্তু বাস্তৱক্ষেত্ৰত তাৰ প্ৰতিফলন নহ’ল। জীয়াই থাকিবলৈ নূন্যতম প্ৰয়োজনখিনি পূৰণৰ বাবেও তেওঁ বন্ধকীত দিবলগীয়া হ’ল নিজ পত্নীৰ গহনা।

তেওঁ জনোৱা মতে, দৰমহা নোপোৱাৰ পিছত প্ৰথমে তেওঁ নিজৰ ক্ৰেডিত কাৰ্ডেৰে ঘৰৰ খৰছ চলাই আছিল যাৰ ফলত তেওঁ ২ লাখ টকাৰ ঋণী হৈ পৰিল আৰু বেংকক সেই ধন পৰিশোধ কৰিব নোৱাৰাত তেওঁক ডিফল্টাৰ কৰি দিয়া হ’ল। ইয়াৰ পিছত তেওঁ নিজৰ আত্মীয়স্বজনৰ পৰা প্ৰায় ৪ লাখ টকাৰ ঋণ লৈছিল কিন্তু সেইয়াও পৰিশোধ কৰিব নোৱাৰাৰ বাবে পিছলৈ তেওঁক কোনেও ঋণ নিদিয়া হ’ল। যাৰ ফলত তেওঁৰ অৱস্থা আৰু অধিক শোচলীয় হৈ পৰিল। তাৰ পিছতেই তেওঁ এইচ ই চিত কাম কৰাৰ লগতে নিজৰ পেট পূৰাবৰ বাবে পদপথৰ দাঁতিত খুলি ল’লে ইডলীৰ দোকান।

সাক্ষাৎকাৰত নিজৰ বেদনাৰ কথা উল্লেখ কৰি উপৰাৰিয়াই কয়
যে, তেওঁৰ দুগৰাকী জীয়ৰী আছে। এই বৰ্ষত তেওঁ ছোৱালী দুজনীৰ বিদ্যালয়ৰ মাচুলো দিব পৰা নাই। যাৰবাবে প্ৰতিদিনেই বিদ্যালয়ৰ পৰা আহি আছে জাননী। তেওঁৰ ছোৱালী দুজনীকো বিদ্যালয়ত মাচুলৰ বিষয়ে প্ৰায়ে প্ৰশ্ন সোধা হয়, যাৰবাবে ছোৱালী দুজনীয়েও যথেষ্ট লজ্জিত অনুভৱ কৰিবলগীয়া হৈছে। এইসকলোবোৰ দেখিও তেওঁ পিতৃহিচাপে সিঁহতৰ বাবে একো কৰিব পৰা নাই। সিঁহতৰ সন্মুখত দৃঢ় হৈ থাকিলেও অকলশৰীয়া সময়ত প্ৰায়েই চকুলো টুকে দীপকে।

উল্লেখ্য যে, দৰমহাৰ বাবে এইচ ই চিৰ কৰ্মচাৰীসকলে বহুদিনৰ পৰাই প্ৰতিবাদ কৰি আছি যদিও এইপৰ্যন্ত তেওঁলোকে কোনো সুফল লাভ কৰা নাই বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত হৈছে।