ৰাষ্ট্ৰীয়

শাৰীৰিক সক্ষমতা বিকাশত বাধা হ'ব নোৱাৰে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শাৰীৰিক সক্ষমতা আপোনাৰ বিকাশত বাধা হ'ব নোৱাৰে। এই কথা পুনৰ প্ৰমাণ কৰি দিলে এগৰাকী যুৱতীয়ে। ছাৰা চনী নামৰ যুৱতীগৰাকীয়ে প্ৰমাণ কৰি দিলে যে লক্ষ্য অটুট থাকিলে কোনোৱে আপোনাৰ উন্নতিৰ পথত ব্যাঘাত জন্মাব নোৱাৰে।

ছাৰাই ভাৰতীয় সাংকেতিক ভাষাৰ সহায়ত উচ্চতম ন্যায়ালয়ত গোচৰৰ তৰ্ক কৰি সকলোকে আচৰিত কৰি তুলিছে। চাৰাই এজন দুভাষীৰ সহায়ত তেওঁৰ যুক্তি দৰ্শায়। ছাৰাৰ এই কামত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ো প্ৰভাৱিত হৈছে।

ঘটনা ২২ ছেপ্টেম্বৰৰ। উচ্চতম ন্যায়ালয়ৰ ভাৰ্চুৱেল কাৰ্যক্ৰমৰ সময়ত এগৰাকী মুকবধিৰ যুৱতীয়ে গোচৰৰ হৈ তৰ্ক কৰে। সাংকেতিক ভাষাৰ দ্বাৰা তেওঁ গোচৰৰ ওপৰত যুক্তি দিয়ে। ভাৰতীয় সাংকেতিক ভাষাৰ (আইএছএল) দুভাষী সৌৰভ ৰায়চৌধুৰীৰ উপস্থিতি ছাৰাই এই যুক্তি আগবঢ়ায়। এডভোকেট অন ৰেকৰ্ড সঞ্চিতা এনৰ দ্বাৰা এই ব্যৱস্থা কৰা হৈছিল।

সঞ্চিতা এনে বিচাৰিছিল যে তেওঁৰ জুনিয়ৰ বধিৰ যুৱতীগৰাকীয়ে আদালতৰ আলোচনাত অংশ লোৱাতো। প্ৰক্ৰিয়াটোৰ বাবে প্ৰথমতে কিছু সমস্যাৰ সৃষ্টি হৈছিল। মডাৰেটৰে কৈছিল যে দুভাষীজনক আদালতৰ কাৰ্যক্ৰমৰ সময়চোৱাত তেওঁৰ ভিডিঅ' অন ৰাখিবলৈ অনুমতি দিব নোৱাৰি।

কিন্তু তাৰ পাছত চিজেআই ডিৱাই চন্দ্ৰচূড়ে দুভাষীজনক তেওঁৰ ভিডিঅ' চলাই ৰাখিবলৈ অনুমতি প্ৰদান কৰে। দুভাষিক সৌৰভে যুৱতীগৰাকীৰ কথাবোৰ বাখ্যা কৰে। উল্লেখ্য যে, এয়া প্ৰথমবাৰৰ বাবে কোনো বধিৰ যুৱতীয়ে আদালতত তৰ্ক কৰে।