ছত্তিশগড়ত তীব্ৰ গতিত আগবাঢ়িছে কংগ্ৰেছ...  
ৰাষ্ট্ৰীয়

ছত্তিশগড়ত তীব্ৰ গতিত আগবাঢ়িছে কংগ্ৰেছ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছত্তিশগড়ত পুনৰ হ'ব কংগ্ৰেছৰ চৰকাৰ। ৩০ নৱেম্বৰত প্ৰকাশ পোৱা এক্সিট পোলে ৰাজ্যখনত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি পূৰ্বানুমান কৰিছিল। ভোটগণনা আৰম্ভ হোৱাৰ পাছতে যেন সেয়াই সত্য হ'বলৈ আৰম্ভ হৈছে।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনা অনুসৰি ৰাজ্যখনত কংগ্ৰেছ প্ৰায় ৪৫ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে বিজেপি ২৮ খন আসনত আগবাঢ়ি আছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল পাটনা সমষ্টিত আগবাঢ়ি আছে। সেইদৰে পূৰ্বৰ মুখ্যমন্ত্ৰী ৰমন সিঙো আগবাঢ়ি আছে।