ৰাষ্ট্ৰীয়

শোচনীয় কংগ্ৰেছৰ অৱস্থা! পৰজয়ৰ দিশে ৯ গৰাকীকৈ মন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে ঘোষণা হ'ব ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। চট্টীশগড়, ৰাজস্থান,তেলেংগনা আৰু মধ্যপ্ৰদেশত বৰ্তমান চলি আছে ভোটগণনা। ইতিমধ্যে ৩ খন ৰাজ্যত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে তেলেংগনাত আগবাঢ়ি আছে কংগ্ৰেছ।

চত্তিশড়ত কংগ্ৰেছৰ অৱস্থা বেয়া। বিজেপিয়ে ইতিমধ্যে ৰাজ্যখনত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। আনহাতে ৰাজ্যখনৰ ৯ জন মন্ত্ৰী তেওঁলোকৰ আসনত পিছ পৰি আছে।

ৰাজ্যখনৰ বাঘেল কেবিনেটত মুখ্যমন্ত্ৰীকে ধৰি ১৩ জন সদস্য আছে। নিৰ্বাচন আয়োগৰ মতে, বিজেপি ৫৩ খন আসনত আগবাঢ়ি আছে আৰু শাসকীয় কংগ্ৰেছ ৩৬ খন আসনত আগবাঢ়ি আছে। ইয়াৰ লগতে অন্যান্যই এখন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ যিকোনো দলে ৪৬ খন আসনৰ প্ৰয়োজন।

নিৰ্বাচনী আয়োগৰ মতে ৰাজ্যখনত ৯ গৰাকীকৈ মন্ত্ৰী পিছ পৰি আছে। গতিকে এই মন্ত্ৰী গৰাকীৰ পৰাজয় হোৱাৰ সম্ভাৱণা অধিক।

আনহাতে পঞ্চম পৰ্যায়ৰ গণনাৰ পিছত, মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে পাটন আসনত বিজেপি নেতা বিজয় বাঘেলৰ ওপৰত ১৪৫২ টা ভোটত আগবাঢ়ি আছে।

উল্লেখ্য যে, চত্তিশগড়ত ৯০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। এইবাৰ বিজেপি-কংগ্ৰেছৰ মাজত এখন তীব্ৰ যুঁজ হব বুলি ধাৰণা কৰা হৈছিল যদিও এতিয়া বিজেপিয়ে কংগ্ৰেছতকৈ বহু কেইখন আসনত আগবাঢ়ি আছে। অৱশ্যে চূড়ান্ত ফলাফল কিছু সময় পাছত ওলাই পৰিব।