ছত্তিশগড়ৰ নাৰায়ণপুৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযানঃ ৭ মাওবাদী নিহত, ৩ জোৱান আহত... 
ৰাষ্ট্ৰীয়

ছত্তিশগড়ৰ নাৰায়ণপুৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযানঃ ৭ মাওবাদী নিহত, ৩ জোৱান আহত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছত্তিশগড়ৰ নাৰায়ণপুৰত সংঘটিত হোৱা সেনা আৰু মাওবাদাৰী সংঘৰ্ষত নিহত মাওবাদাৰী সংখ্যা ৭ জনলৈ বৃদ্ধি পাইছে। আনহাতে এই এনকাউণ্টাৰত আহত হৈছে ৩ জনকৈ জোৱান।

নাৰায়ণপুৰ ডি আৰ জিৰ আহত জোৱান তিনিজনক এয়াৰ লিফ্ট কৰা হৈছে। উল্লেখ্য যে, নাৰায়ণপুৰ, কোণ্ডাগাওঁ, দান্তেৱাড়া, জগদলপুৰ আৰু আই টি বিপিৰ ৪৫ বেটেলিয়নে ৬ জুনত লাভ কৰা এক খবৰৰ ভিত্তিত ৭ জুনৰ নিশা এক যুটীয়া অভিযান চলাইছিল। এই অভিযানৰ সময়তে নাৰায়ণপুৰ-দান্তেৱাড়া-কোণ্ডেগাওঁ আন্তঃজিলা সীমান্তৰ বস্তাৰ সংমণ্ডলৰ অন্তৰ্গত মুংগেদি অঞ্চলত মাওবাদীৰ এটা দলৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হয়।

ঘটনা সন্দৰ্ভত নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে সংবাদ মাধ্যমৰ আগত কয়, ৬ জুনৰ নিশা আমি খবৰ লাভ কৰোঁ দান্তেৱাড়া আৰু নাৰায়ণপুৰ সীমান্ত অঞ্চলত মাওবাদীৰ এটা দলে বাহৰ পাতিছে। ইয়াৰ পাছতে চাৰি জিলাৰ এটা টীমে যুটীয়াভাৱে অভিযান আৰম্ভ কৰোঁ। গোটেই অঞ্চলটো আমাৰ সেনা, আৰক্ষীয়ে আগুৰি আছে আৰু দিনটো এনকাউণ্টাৰ অব্যাহত আছে। ৭ জুনৰ সন্ধিয়ালৈকে ৭ টা মাওবাদাৰী মৃতদেহ উদ্ধাৰ কৰা হৈছে।