ৰাষ্ট্ৰীয়

দিল্লীৰ জি-২০ সন্মিলনীৰ বৈঠকত ভাগ নলয় চীনৰ ৰাষ্ট্ৰপতিয়ে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীত অনুষ্ঠিত হ'ব লগীয়া জি-২০ সন্মিলনীৰ এখন বিশেষ বৈঠকত ভাগ নলয় চীনা ৰাষ্ট্ৰপতিয়ে। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সলনি এই বৈঠকত ভাগ ল'ব দেশখনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে। সোমবাৰে চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৱেবছাইটত এক বিবৃতি প্ৰকাশ কৰি এই কথা জানিবলৈ দিয়ে।

বিবৃতি অনুসৰি চীনে দেশখনৰ দুজন সন্মানীয় তথা শক্তিশালী মন্ত্ৰীক একেটা অনুষ্ঠানলৈ পঠিওয়াত অসুবিধাৰ সন্মুখীন হ'ব। সেয়ে পূৰ্বে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৰাষ্ট্ৰপতিগৰাকী ভাৰতত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ সলনি প্ৰধানমন্ত্ৰীক ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে প্ৰকাশ কৰা এই বিবৃতিটোত সন্মিলনীৰ বৈঠক সফলভাবে সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, চলিত বৰ্ষত ভাৰতৰ আতিথ্যত অনুষ্ঠিত হৈছে ১৮ সংখ্যক জি-২০ সন্মিলন। অহা ৯ আৰু ১০ ছেপ্টম্বৰত এই জি-২০ সন্মিলনৰ এখন বিশেষ বৈঠক দিল্লীত অনুষ্ঠিত হ'ব। এই বৈঠকত ভাগ ল'ব জি-২০ৰ আটাইকেইখন দেশে।