বিশ্বভাৰতীৰ চীনা ভৱনত অৰুণাচল প্ৰসংগত আলোচনাৰ মাধ্যমৰে শান্তি স্থাপনৰ বাৰ্তা চীনৰ.... 
ৰাষ্ট্ৰীয়

বিশ্বভাৰতীৰ চীনা ভৱনত অৰুণাচল প্ৰসংগত আলোচনাৰ মাধ্যমৰে শান্তি স্থাপনৰ বাৰ্তা চীনৰ....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশক লৈ চীনৰ আপত্তি শেষ হোৱা নাই। ভাৰতৰ এই অংগৰাজ্যক চীনে দীৰ্ঘদিন ধৰি তেওঁলোকৰ অংশ হিচাপে দাবী কৰাই নহয়, অৰুণাচলৰ হোৱাৰ বাবেই কেইবাজনো খেলুৱৈক চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছকে ধৰি অন্যান্য প্ৰতিযোগিতাত অংশ ল’বলৈ যাবৰ বাবে প্ৰয়োজনীয় ভিছা প্ৰদান কৰাৰ পৰাও বিৰত আছিল।

কেৱল সেয়াই নহয়, অৰুণাচল-চীন সীমান্তত চীনে ভাৰতৰ ভূমিত প্ৰৱেশ কৰি গাওঁ নিৰ্মাণ কৰাৰ খবৰো একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে ব্যাপক ৰূপত প্ৰচাৰ হৈছে। সাধাৰণতে পাকিস্তানক বলিষ্ঠ কণ্ঠৰে হুংকাৰ দি অহা আমাৰ দেশৰ নেতাই অৱশ্যে চীনৰ ক্ষেত্ৰত এনে স্থিতি গ্ৰহণ কৰাৰ নজিৰ দুৰ্ভাগ্যজনকভাবে নাই।

তাৰ মাজতেই মাজে সময়ে চীনা সামগ্ৰী বৰ্জনৰ দৰে কেতবোৰ আহ্বান আহে একাংশ ৰাজনৈতিক নেতাৰ পৰা। যি আহ্বানৰ অৱশ্যে কোনো ভিত্তিও নাথাকে। চীনক লৈ চলি থকা এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ চীনে ভাৰতৰ অষ্টাদশ লোকসভা নিৰ্বাচনক লৈয়ো মন্তব্য কৰিছে।

চীনে অৰুণাচল প্ৰদেশত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ আপত্তি দেখুৱাইছে। অৱশ্যে দিল্লীস্থিত চীনা দূতাবাসে কলকাতাৰ এক অনুষ্ঠানত সকলো সমস্যাই আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পৰা যাব বুলিও মন্তব্য কৰিছে।

প্ৰায় ১০০ বছৰ পূৰ্বে ভাৰত আৰু চীনৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ বিনিময় ঘটিছিল। ইয়াৰ নেতৃত্ব বহন কৰিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। তেওঁ দুবাৰকৈ চীন ভ্ৰমণ কৰাই নহয় ১৯২৪ চনত বিশ্বভাৰতীত নিৰ্মাণ কৰিছিল চীনা ভৱন।

কিন্তু চীনৰ সৈতে গঢ়ি উঠা সেই সম্পৰ্ক এতিয়া তেনে ধৰণে নাই। এতিয়া তাৰ সম্পূৰ্ণ বিপৰীত। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিকভাৱে চহকী, সীমামূৰীয়া ৰাজ্য অৰুণাচলত এতিয়া নিৰ্বাচনৰো বিৰোধিতা কৰিব পৰা হ’ল চীন।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰুণাচলত চেলা টানেল উদ্বোধনৰ পাছতে চীন অসন্তুষ্ট হৈছে। এনে পৰিস্থিতিৰ মাজতে সোমবাৰে বিশ্বভাৰতীত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে দিল্লীস্থিত চীনা দূতাবাসৰ প্ৰতিনিধি মা চিয়াই।

এই অনুষ্ঠানত তেওঁ দুয়ো ৰাষ্ট্ৰৰ সম্পৰ্ক আলোচনাৰ মাধ্যমেৰে উন্নত কৰি শান্তিৰ পৰিৱেশ গঢ়িব পৰা যাব বুলি মন্তব্য কৰিছে। তেওঁ কয়, কঠিন হ’লেও একমাত্ৰ আলোচনাৰ মাধ্যমেৰেই ভাৰত-চীন সম্পৰ্কৰ সমস্যাৰ সমাধান সম্ভৱ।

কবিগুৰুৰ চীন ভ্ৰমণৰ ১০০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষত বিশ্বভাৰতীৰ চীনা ভৱন আৰু কলকাতাৰ চীনা দূতাবাসে যৌথভাৱে দুদিনীয়াকৈ আলোচনা সভা আৰু বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানতে অংশগ্ৰহ কৰে দিল্লীস্থিত চীনা দূতাবাসৰ 'ছাৰ্জ দ্যা এফায়াৰছ' মা চিয়া, কলকাতাৰ চীনা দূতাবাসৰ কাৰ্যবাহী কনচলাৰ জেনেৰেল ছিন ইয়ং আদি।

ইয়াতেই দিল্লী দূতাবাসৰ 'ছাৰ্জ দ্যা এফায়াৰছ' মা চিয়াই কয় যে, অৰুণাচলক লৈ ভাৰত আৰু চীনৰ মাজত যি সমস্যা হৈছে সেই সমস্যা অস্বীকাৰ কৰিব নোৱাৰি।দুই দেশে নিজৰ স্থিতি ধৰি ৰাখিবলৈ বাধ্য সেয়াও সত্য। কিন্তু সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছো আমি। দুই দেশৰ মাজত কূটনৈতিক ও সামৰিক ক্ষেত্ৰত আলোচনা চলিছে। আমি আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধান হোৱাটো বিচাৰোঁ।