মহাত্মা গান্ধীয়ে নামঘৰ মুকলি কৰাৰ ফটো শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে... 
ৰাষ্ট্ৰীয়

মহাত্মা গান্ধীয়ে নামঘৰ মুকলি কৰাৰ ফটো শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে...

ৰাজঘাটত বাপুলৈ শ্ৰদ্ধা জনালে প্ৰধানমন্ত্ৰী মোডীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম জয়ন্তী। মহামানৱ গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজঘাটত গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁ এক্সত গান্ধী জয়ন্তীৰ উপলক্ষে লিখিছে এইদৰে- ''সকলো দেশবাসীৰ হৈ শ্ৰদ্ধেয় বাপুক তেওঁৰ জন্ম জয়ন্তীত শত শত প্ৰণাম। সত্য, সম্প্ৰীতি আৰু সমতাৰ ওপৰত আধাৰিত তেওঁৰ জীৱন আৰু আদৰ্শ দেশবাসীৰ বাবে সদায়েই প্ৰেৰণাৰ উৎস হৈ থাকিব।''

গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে শিক্ষাৰ্থীৰ সৈতে এক স্বচ্ছতাৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ইফালে আজি দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদূৰ শাস্ত্ৰীৰো জন্মদিন। প্ৰধানমন্ত্ৰীগৰাকীয়ে লাল বাহাদুৰ শাস্ত্ৰীৰো জন্মদিনৰ শুভেচ্ছা জনাইছে।

তেওঁ এক্স হেণ্ডেলত লিখিছে- দেশৰ জোৱান, কৃষক আৰু স্বাভিমানৰ বাবে নিজৰ জীৱন সমৰ্পিত কৰা পূৰ্বৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীজীক তেওঁৰ জন্মদিনত বিনম্ৰ শ্ৰদ্ধা জনাইছো।

ইফালে অসম চৰকাৰেও গান্ধী জয়ন্তী উপলক্ষে কেতবোৰ কাৰ্যসূচী হাতত লৈছে। পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহাত্মা গান্ধীলৈ শ্ৰদ্ধা জনাই এক্সত লিখিছে এইদৰে- ''অহিংসাক জীৱনৰ ব্ৰত কৰি মানৱ প্ৰেম, জাতি প্ৰেম, মানৱ সেৱা আৰু ঈশ্বৰপৰায়ণতা আদি মূল আদৰ্শেৰে সকলোৰে প্ৰিয় মহামানৱ মহাত্মা গান্ধীয়ে সদায় দেশবাসীক অবৰ্তমানতো উদ্বুদ্ধ কৰি আহিছে আৰু আগলৈও উদ্বুদ্ধ কৰি থাকিব৷ এয়া বিশ্বপ্ৰসিদ্ধ মনীষীগৰাকীৰ সত্তাৰ প্ৰভাৱ৷ আজি 'গান্ধী জয়ন্তী'ত তেখেতলৈ জনাইছোঁ অন্তৰৰ গভীৰ শ্ৰদ্ধা।''

আনহাতে তেওঁ মহাত্মা গান্ধীয়ে ১৯৩৪ চনত যোৰহাটত এটা নামঘৰ হৰিজনসকলৰ বাবে মুকলি কৰাৰ এখন ফটোও আপলোড কৰিছে। এই নামঘৰ কৃষ্ণ নাথ শৰ্মা নামৰ গান্ধীবাদী ব্যক্তিগৰাকীয়ে নিৰ্মাণ কৰিছিল।

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীলৈয়ো জন্ম দিনৰ শুভেচ্ছা জনাই -০ শৰ্মাই লিখিছে- ''আজিৰ দিনটোতে মা ভাৰতীৰ কোলাত দেশ সেৱাৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ জন্মিছিল লাল বাহাদুৰ শাস্ত্ৰীদেৱ৷ "জয় জোৱান ,জয় কিষাণ" - ধ্বনিৰে দেশৰ কৃষকৰ লগতে জনগণক উদ্বুদ্ধ কৰা স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী ভাৰতৰত্ন লাল বাহাদুৰ শাস্ত্ৰীদেৱক তেখেতৰ জন্ম দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত তেখেতৰ কৰ্মদক্ষতাত ভাৰতে লাভ কৰিছিল এগৰাকী প্ৰকৃত দেশসেৱক। তেখেতৰ আদৰ্শ আৰু মহান কৰ্মৰাজি আমাৰ তথা পৰৱৰ্তী প্ৰজন্মৰ বাবেও প্ৰেৰণা আৰু গভীৰ স্মৰণৰ এক বিশেষ বিষয় হৈ ৰ'ব।''