বিপদত নীতিশ কুমাৰ, তেজস্বী যাদৱঃ আৰক্ষীৰ প্ৰহাৰত বিজেপি কৰ্মীৰ মৃত্যুৰ অভিযোগ... 
ৰাষ্ট্ৰীয়

বিপদত নীতিশ কুমাৰ, তেজস্বী যাদৱঃ আৰক্ষীৰ প্ৰহাৰত বিজেপি কৰ্মীৰ মৃত্যুৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বিৰুদ্ধে পাটনাৰ ন্যায়ালয়ত ৰুজু। এই দুই নেতাৰ উপৰিও আন দুগৰাকীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিলে বিজেপি কৰ্মীয়ে।

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে পাটনাত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰিছিল। এই সন্দৰ্ভতে কৃষ্ণ সিং কাল্লু নামৰ এজন বিজেপি কৰ্মীয়ে ৰুজু কৰিছে গোচৰ।

গোচৰত নাম উল্লেখ কৰা হৈছে পাটনাৰ দুই শীৰ্ষ আৰক্ষী বিষয়াৰো। বিহাৰৰ নীতিশ চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিক্ষোভ প্ৰদৰ্শন কৰিছিল বিজেপিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীয়ে বিহাৰৰ ৰাজধানীৰ পৰিৱেশ উত্তাল কৰি তুলিছিল।

আৰক্ষীৰ লাঠি চালনাত আহত হৈছিল বহু প্ৰতিবাদকাৰী। তাৰ মাজৰে এগৰাকী আহত বিজেপি কৰ্মীৰ নাম আছিল বিজয় কুমাৰ । এই বিজয় কুমাৰ নামৰ লোকজনৰ ইতিমধ্যে মৃত্যু হৈছে।

ইয়াৰ পাছতে বিজেপি কৰ্মী কৃষ্ণ সিং কাল্লুৱে ন্যায়ালয়ত এই গোচৰ ৰুজু কৰিছে। অভিযুক্ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২, ৩২৩ ধাৰাত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আৱেদন দাখিল কৰা হৈছে।

বিজেপি নেতা সুনীল কুমাৰ সিঙে এই সন্দৰ্ভত কয়, প্ৰতিবাদ শান্তিপূৰ্ণ আছিল। তাৰ পাছতো মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত লাঠি চালনা কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ লাঠি চালনাতে মৃত্যু হৈছে বিজেপি কৰ্মী বিজয় কুমাৰৰ।

অৱশ্যে বিহাৰ প্ৰশাসনে দাবী কৰিছে আৰক্ষীয়ে য’ত লাঠিচালনা কৰিছিল সেই স্থানত নাছিল নিহত বিজয় কুমাৰ। তেওঁৰ দেহত নাই কোনো আঘাতৰ চিন।