Delhi Chife Minister Arvind Kejriwal  
ৰাষ্ট্ৰীয়

দিল্লী আধ্যাদেশৰ স্পষ্ট বিৰোধিতা কংগ্ৰেছৰ, সমৰ্থন কৰিব কেজৰিৱালক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীৰ অধ্যাদেশক লৈ কংগ্ৰেছ দলে সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে আপক। তথ্য অনুসৰি, কংগ্ৰেছে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে আম আদমী পাৰ্টিক সমৰ্থন কৰিব। আপ নেতা ৰাঘৱ চাধ্যাই এই বিষয়ে টুইট কৰিছে জনায়। তেওঁ টুইটৰ জৰিয়তে কয় যে কংগ্ৰেছে দিল্লী অধ্যাদেশৰ বিৰোধিতা ঘোষণা কৰিছে। তেওঁ ইয়াক এক ইতিবাচক হিচাপে গন্য কৰে।

আপে কংগ্ৰেছক দিল্লী সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ অধ্যাদেশৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই আহিছিল। শনিবাৰে সন্ধিয়া ছোনিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত হৈছিল এক বৈঠক। এই বৈঠকত দলৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ আন কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত আছিল। এই বৈঠকৰ পাছতে কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰে অনা অধ্যাদেশৰ বিৰুদ্ধে বিৰোধী দলসমূহৰ সমৰ্থন বিচাৰিছিল। যদি মুখ্যমন্ত্ৰী কেজৰিৱালে বিৰোধী দলবোৰৰ সমৰ্থন লাভ কৰে, তেন্তে দিল্লী সম্পৰ্কীয় কেন্দ্ৰীয় চৰকাৰৰ অধ্যাদেশ আইন হোৱাৰ পৰা প্ৰতিহত কৰিব পৰা যাব।