বিজেপিৰ আক্ৰোশৰ বলি কংগ্ৰেছ ! নিৰ্বাচনৰ পূৰ্বে ৯ টা একাউণ্ট ফ্ৰীজ... 
ৰাষ্ট্ৰীয়

বিজেপিৰ আক্ৰোশৰ বলি কংগ্ৰেছ ! নিৰ্বাচনৰ পূৰ্বে ৯ টা একাউণ্ট ফ্ৰীজ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা ইলেক্টৰেল বণ্ড পদ্ধতিক অসাংবিধানিক আখ্যা দিয়াৰ পিছতে শাসকীয় বিজেপিৰ ৰোষৰ বলি হৈছে কংগ্ৰেছ। ফঅৰীজ কৰি দিয়া হ'লটোৰ মুঠ ৯ টাকৈ বেংক একাউণ্ট।

বিৰোধী দলটোৰ অভিযোগ বিজেপি নেতৃত্বৰ নিৰ্দেশ অনুসৰিয়েই আয়কৰ বিভাগে কংগ্ৰেছৰ মূল বেংক একাউণ্টৰ লগতে যুৱ কংগ্ৰেছৰো বেংক একাউণ্ট এইদৰে ফ্ৰীজ কৰিলে। ইয়াৰ পিছতে কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তাৎক্ষণিকভাৱে আয়কৰ আপীল ন্যায়াধীকৰণৰ কাষ চপাত পুনৰ একাউণ্টে কেইটা ডি-ফ্ৰীজ কৰে।

উল্লেখ্য যে, শুকুৰবাৰে আয়কৰ বিভাগে কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজ কৰিছিল। ইয়াৰ পিছতে দেশজুৰি সৃষ্টি হৈছিল বিভিন্ন প্ৰতিক্ৰিয়া। যি সময়ত দেশৰ লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে, নিৰ্বাচনী অধিসূচনা জাৰি হ'বলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ বাকী আছে সেই সময়তে এইদৰে কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

কংগ্ৰেছৰ অভিযোগ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫ জনীয়া বিচাৰপীঠে ২০১৮ ত বিজেপিয়ে আইন সংশোধন কৰি অনা ইলেক্টৰেল বণ্ড পদ্ধতিয়ে সংবিধানৰ অনুচ্ছেদ ১৯ 'এ' উলংঘন কৰাৰ লগতে এয়া অসাংবিধানিক আখ্যা দিছিল। সেয়েহে বিজেপিয়ে আক্ৰোশমূলকভাৱে কংগ্ৰেছৰ বিৰুদ্ধে এনে পদক্ষেপগ্ৰহণ কৰা বুলি অভিযোগ উঠিছে।

স্মৰ্তব্য, কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজ হোৱাৰ পাছতেই দলটোৰ নেতা বিবেক টংখাই আয়কৰ আপীল ন্যায়াধীকৰণৰ কাষ চাপিছিল আৰু ন্যায়াধীকৰণে পুনৰ তেওঁলোকৰ একাউণ্ট সক্ৰিয় কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এই সন্দৰ্ভত অহা বুধবাৰে ন্যায়াধীকৰণত হ'ব শুনানি।

বিবেক টংখাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়- কিবা কাৰণত যদি দলৰ বেংক একাউণ্ট ফ্ৰীজ কৰি ৰখা হয় তেন্তে কংগ্ৰেছে নিৰ্বাচনত প্ৰতিদ্বন্দিতাই কৰিব নোৱাৰিব। এই কথা তেওঁ আয়কৰ আপীল ন্যায়াধীকৰণৰ আগত অৱগত কৰে।

আনহাতে দলটোৰ কোষাধ্যক্ষ অজয় মাকেনে কয়, সাধাৰণ কাৰণতে কংগ্ৰেছৰ মূল বেংক একাউণ্ট ফ্ৰীজ কৰি ৰাখিছে। ফলত দলটোৰ কাম-কাজত ব্যাঘাত জন্মিছে।এক সংবাদ মেলত তেওঁ কয়- ২০১৮-১৯ বৰ্ষৰ ২১০ কোটি টকাৰ আয়কৰৰ দাবীত ভাৰতীয় যুৱ কংগ্ৰেছকে ধৰি কংগ্ৰেছৰ একাউণ্টসমূহ ফ্ৰীজ কৰা হৈছে।

তেওঁ কয়, সেই বছৰৰ আয়কৰ কিছু পলমকৈ পৰিশোধ কৰে। সেয়েহে আয়কৰ বিভাগে এইদৰে একাউণ্ট ফ্ৰীজ কৰিছে। তেওঁ সংবাদ মেলত উল্লেখ কৰা মতে দলটোৰ মুঠ ৪ টা একাউণ্ট ফ্ৰীজ কৰা হৈছে।

অৱশ্যে পৰৱৰ্তী সময়ত মুঠ ৯ টা একাউণ্ট ফ্ৰীজ কৰা হৈছে বুলি জানিব পৰা গৈছে।ফলত দলটোৱে শেহতীয়াকৈ আৰম্ভ কৰা ক্ৰাউড ফাণ্ডিংৰ ধনো ব্যৱহাৰ কৰিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হয়।

বিৰোধী কংগ্ৰেছৰ সৈতে হোৱা এনে পৰিস্থিতিক সাধাৰণ ভাৱে লোৱা নাই সাধাৰণ লোকেও। দেশজুৰি এই কাৰ্যৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছ সভাপতি খাৰ্গেয়ে এয়া ক্ষমতাৰ ৰাগিত মোডী চৰকাৰে এনে কাৰ্য কৰিছে বুলি সমালোচনা কৰিছে।