মণিপুৰ চৰকাৰে দিয়া নাই অনুমতিঃ ভাৰত জোড়ো ন্যায়া যাত্ৰাত বাধা... 
ৰাষ্ট্ৰীয়

মণিপুৰ চৰকাৰে দিয়া নাই অনুমতিঃ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ইম্ফলৰ পৰা আৰম্ভ হ'বলগীয়া কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভ নহওঁতেই বাধা। মণিপুৰৰ পৰা আৰম্ভ হ'বলগীয়া এই যাত্ৰাক মণিপুৰতেই দিছে বাধা।

বিজেপি শাসিত মণিপুুৰ চৰকাৰে ইম্ফলৰ পৰা এই যাত্ৰাক আৰম্ভ কৰাত বাধা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। উল্লেখ্য যে, ইম্ফলৰ পৰা এই যাত্ৰা আৰম্ভ কৰিবলৈ কংগ্ৰেছে মণিপুৰ চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে আৱেদন দাখিল কৰিছিল।

কিন্তু এন বীৰেন সিঙে সেই অনুমতি প্ৰদান কৰাৰ পৰা বিৰত আছে। কিন্তু কংগ্ৰেছৰ স্পষ্ট কথা, ভাৰত জোড়ো ন্যায় যাত্ৰা কংগ্ৰেছে মণিপুৰৰ পৰাই আৰম্ভ কৰিব।

কংগ্ৰেছৰ পৰিকল্পনা অনুসৰি ১৪ জানুৱাৰীৰ পূৰ্বে পূৱ ইম্ফলৰ পৰা এই যাত্ৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব। প্ৰথম দিনাই এই যাত্ৰাই ইম্ফলৰ পৰা আহি নাগালেণ্ডত প্ৰৱেশ কৰাৰ কথা।

কিন্তু মেইটেই অধ্যুষিত পূৱ ইম্ফলত সভা কৰি যাত্ৰা আৰম্ভ কৰাৰ অনুমতি দিয়া নাই বীৰেন সিঙৰ চৰকাৰে। আইন-শৃংখলাজনিত কথাৰ চিন্তা কৰিয়েই এই অনুমতি প্ৰদান কৰা নাই বুলি বিজেপি শাসিত চৰকাৰখনে জনাইছে।

কিন্তু কংগ্ৰছেও পূৱ ইম্ফলৰ পৰাই যাত্ৰা আৰম্ভ কৰিব বুলি স্থিতি স্পষ্ট কৰিছে। কংগ্ৰেছে জনাইছে মণিপুৰক বাদ দি বেলেগ ক'ৰবাৰ পৰা এই যাত্ৰা আৰম্ভ কৰাৰ কোনো প্ৰশ্নই নাই। ন্যায় যাত্ৰা আৰম্ভ হ'ব মণিপুৰতেই।

অৱশ্যে পূৱ ইম্ফলৰ পৰা এই যাত্ৰাৰ অনুমতি নিদিলেই মণিপুৰৰ আন কোনো প্ৰান্তৰ পৰা এই যাত্ৰাৰ আৰম্ভ কৰাৰ বাবে কংগ্ৰেছে অনুমতি লাভ কৰাৰ সম্ভাৱনা নথকাও নহয়। কংগ্ৰেছ নেতৃত্বই এই সন্দৰ্ভত মণিপুৰৰ চৰকাৰৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে।

এক সূত্ৰৰ মতে পূৱ ইম্ফলৰ পৰা ২৪ কিলোমিটাৰ আঁতৰৰ থৌবাল জিলা বিকল্প হিচাপে চিহ্নীত হ'ব পাৰে। থৌবাল জিলা কুকি অধ্যুষিত।

কংগ্ৰেছৰ দাবী এই যাত্ৰা আৰম্ভৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে আপত্তি কৰাৰ কোনো কাৰণ নাই। শেষ পৰ্যন্ত ক'ৰ পৰা যাত্ৰা আৰম্ভ হয় সেয়া অৱশ্যে সময়তহে জানিব পৰা যাব।