নিৰ্বাচন আয়ুক্ত নিযুক্তিত BJPৰ হস্তক্ষেপৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ... 
ৰাষ্ট্ৰীয়

নিৰ্বাচন আয়ুক্ত নিযুক্তিত BJPৰ হস্তক্ষেপৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ দুই নিৰ্বাচন আয়ুক্ত নিয়োগৰ বিষয়টোক লৈ আৰম্ভ হৈছে বিতৰ্ক। ইয়াৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে কংগ্ৰেছ। শাসকীয় নৰেন্দ্ৰ মোডী চৰকাৰে যাতে কোনো কাৰণতেই নিৰ্বাচন আয়ুক্ত নিয়োগত হস্তক্ষেপ কৰিব নোৱাৰে তাৰ বাবে দেশৰ শীৰ্ষ আদালতত অভিযোগ দাখিল কৰিছে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে।

উল্লেখ্য, যোৱা শনিবাৰে হঠাৎ নিৰ্বাচন আয়ুক্ত পদৰ পৰা অব্যাহতি ল'লে অৰুণ গোৱেলে। নিৰ্বাচন আয়োগৰ তিনিজনীয়া বেঞ্চত এতিয়া মাত্ৰ আছেগৈ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ।

অৰুণ গোৱেলৰ পূৰ্বে নিৰ্বাচন আয়ুক্তৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল অনুপ পাণ্ডেই। শনিবাৰে অৰুণ গোৱেলে পদত্যাগ কৰাত এতিয়া আয়োগৰ তিনিজনীয়া বেঞ্চৰ দুটা পদেই খালী হৈ পৰিছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে সৃষ্টি হোৱা এনে পৰিস্থিতিয়ে এতিয়া স্বাভাৱিকতে বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে। হঠাৎ কিয় অৰুণ গোৱেলে পদত্যাগ কৰিলে তাক লৈয়ো সৃষ্টি হৈছে বিভিন্ন জল্পনা-কল্পনা।

সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি কেন্দ্ৰীয় বাহিনী মোতায়েনৰ সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্তৰ সৈতে হোৱা মতবিৰোধৰ বাবেই অৰুণ গোৱেলে পদত্যাগ কৰিছে। ইফালে লোকসভা নিৰ্বাচনৰ পাছতেই আছে উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, চিকিম বিধানসভাৰ নিৰ্বাচন। এনে পৰিস্থিতিত দুজন নিৰ্বাচন আয়ুক্তৰ অনুপস্থিতিৰে কেৱল মুখ্য নিৰ্বাচন আয়ুক্তই নিৰ্বাচন পৰিচালনা কৰাটো কঠিন হৈ পৰাটো স্বাভাৱিক।

সেয়ে অতি শীঘ্ৰেই নিৰ্বাচন আয়োগৰ দুই শূন্য পদত নিৰ্বাচন আয়ুক্ত নিয়োগ কৰা হ'ব বুলি চৰ্চা হৈছে।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ১৫ মাৰ্চত নিৰ্বাচন আয়ুক্ত নিয়োগৰ বাবে বৈঠকত বহিব প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন পেনেল।

এই পেনেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও আছে এজন কেন্দ্ৰীয় মন্ত্ৰী আৰু এজন বিৰোধী দলৰ নেতা। পূৰ্বে এই পেনেলত আছিল দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী।

কিন্তু যোৱা ডিচেম্বৰত বিজেপি চৰকাৰে অনা নতুন আইন অনুসৰি এই পেনেলৰ পৰা মুখ্য ন্যায়াধীশগৰাকীক বাদ দিয়া হৈছে। দেশজুৰি বিতৰ্ক হৈছিল যদিও সংসদত সংখ্যাৰ বলত বিজেপিয়ে এই আইন গৃহীত কৰিবলৈ সক্ষম হৈছিল।

নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ পেনেলৰ পৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আঁতৰাই এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ আঁৰত শাসকীয় দলটোৰ কোনো গোপন এজেণ্ডা লুকাই থকা বুলি সন্দেহ কৰি আহিছে বিৰোধী দলসমূহে। একেই মনোভাৱ ৰাজনৈতিক বিশেষজ্ঞসকলৰো।

বিৰোধীৰ অভিযোগ আছিল বিজেপিৰ এনে পদক্ষেপে দেশত নিৰ্বাচন আয়ুক্ত নিয়োগত কেন্দ্ৰীয় চৰকাৰক সৰ্বাধিক ক্ষমতা দিলে। ই নিৰ্বাচন আয়োগৰ স্বাধীনতাক খৰ্ব কৰিব।

সেই একেই অভিযোগ উত্থাপন কৰি সোমবাৰে উচ্চতম ন্যায়ালয়ত এই বিষয়ত আৱেদন দাখিল কৰিললে কংগ্ৰেছ নেত্ৰী জয়া ঠাকুৰে। তেওঁৰ আৱেদন মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিয়োগৰ বাবে অনা নতুন আইন অবৈধ আৰু ই দেশৰ নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বিৰোধী।