১৯ বছৰে বিজেপি শাসনত থকা ৰাজ্যত ৫১ মিনিটৰ ভাষণত মোডীৰ মুখত ৪৪ বাৰ কংগ্ৰেছৰ নাম... 
ৰাষ্ট্ৰীয়

১৯ বছৰে বিজেপি শাসনত থকা ৰাজ্যত ৫১ মিনিটৰ ভাষণত মোডীৰ মুখত ৪৪ বাৰ কংগ্ৰেছৰ নাম...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ! আচৰিত হ'লেও এয়াই সত্য। কাৰণ এই কথা আমি কোৱা নাই। এই কথা হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতাই। দিল্লীত আজি অনুষ্ঠিত এক সংবাদ মেলত কংগ্ৰেছৰ সংবাদ আৰু প্ৰচাৰ বিভাগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পৱন খেড়াই আজি এই মন্তব্য কৰিছে।

তেওঁৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী য'লেই গৈছে তাতেই কংগ্ৰেছৰ লাভ হৈছে। সেয়ে তেওঁক কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ আখ্যা দিছে। তেওঁ কয়, ''এতিয়া হিমাচলেই হওক, কৰ্ণাটকেইই হওক য'তেই নৰেন্দ্ৰ মোডীয়ে ভৰি থৈছে তাতেই কংগ্ৰেছৰ লাভ হৈছে। সেয়ে আমি তেওঁক আমাৰ ষ্টাৰ কেম্পেইনাৰ বুলি ভাবো। অৱশ্যে তেওঁ ফাঁকি বহুত কয়। অলপ সঁচা কথা ক’বলৈ আৰম্ভ কৰিলে তেওঁ আমাৰ সকলোতকৈ ভাল ষ্টাৰ কেম্পেইনাৰ হ'ব।''

ইয়াৰোপৰি তেওঁ মহিলা সুৰক্ষা বিলৰ সন্দৰ্ভত কয়, বিজেপিৰ বাবেই ১৯৮৯ ত ৰাজীৱ গান্ধীয়ে উত্থাপন কৰা এই বিধেয়ক সেই সময়ত গৃহীত নহ'ল। সেই সময়ত বিজেপি নেতাৰ বিৰোধিতাৰ বাবে ৰাজ্যসভাত পাছ নহ'ল এই বিলখন। তেওঁ কয়, ''প্ৰধানমন্ত্ৰী মধ্যপ্ৰদেশলৈ গ'ল। তাত ক'লে কংগ্ৰেছ মহিলা বিৰোধী। কংগ্ৰেছে মহিলা সংৰক্ষণ বিলৰ বিৰোধিতা কৰি আহিছে। মহিলা সংৰক্ষণ বিলৰ আৰম্ভণি কাৰ সময়ত হৈছিল?''

তেওঁ কয়, ''১৯৮৯ চনত যেতিয়া প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে মহিলা সংৰক্ষণ বিল উত্থাপন কৰিছিল লোকসভাত গৃহীত হোৱাৰ পাছতো ৰাজ্যসভাত গৃহীত নহ'ল। কাৰণ এই বিলৰ বিৰোধিতা কৰিছিল বিজেপিৰ নেতা অটল বিহাৰী বাজপেয়ী, লাল কৃষ্ণ আদৱানী, ৰাম জেঠমালিনী, যশৱন্ত সিনহাই। ১৯৮৯ ত যেতিয়া এই বিল আইনত পৰিণত হোৱাৰ সুযোগ পাইছিল তেতিয়া এই বিল আপোনালোকৰ দলৰ নেতা, সাংসদে বিৰোধিতা কৰিছিল।''

ইফালে মধ্যপ্ৰদেশত নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ গৈ প্ৰধানমন্ত্ৰী মোডীয়ে বাৰে বাৰে কংগ্ৰেছৰ নাম লোৱাৰ বিষয়ত তেওঁ মোডীক কটাক্ষ কৰি কয়, যিখন ৰাজ্যত ১৯ বছৰ ধৰি তেওঁলোকৰ চৰকাৰ আছে সেই ৰাজ্যত ৫১ মিনিটৰ ভাষণত ৪৪ বাৰ কংগ্ৰেছৰ নাম ল'বলগীয়া হৈছে। নিজৰ চৰকাৰৰ বিষয়ে ক'বলৈ একো নাই। য'ত শাসনত আছে তাতো কংগ্ৰেছৰ সহায় ল'বলগীয়া হৈছে। এয়াই আপোনালোকৰ চৰকাৰৰ অৱস্থা।