বিজেপিৰ শ্বেতপত্ৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰকাশ কৰিব কৃষ্ণপত্ৰ... 
ৰাষ্ট্ৰীয়

বিজেপিৰ শ্বেতপত্ৰৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰকাশ কৰিব কৃষ্ণপত্ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ ১০ বছৰীয়া চৰকাৰৰ আৰু ইউ পি এ চৰকাৰৰ তুলনাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰা শ্বেতপত্ৰৰ উত্তৰ দিব কংগ্ৰেছে। এই শ্বেতপত্ৰৰ উত্তৰ হিচাপে কৃষ্ণপত্ৰ প্ৰকাশৰ প্ৰস্তুতি চলাইছে কংগ্ৰেছে।

উল্লেখ্য যে, সাংসদৰ বাজেট অধিৱেশনৰ ম্যাদ এটা দিন বঢ়াই দিয়া হৈছে। পূৰ্বঘোষিত সূচী অনুযায়ী অহা ৯ ফেব্ৰুৱাৰী, শুকুৰবাৰে অধিবেশনৰ সমাপ্তি হোৱাৰ কথা আছিল যদিও এটা দিন বঢ়াই ১০ ফেব্ৰুৱাৰী, শনিবাৰে অন্ত পৰিব।

জানিব পৰা মতে সংসদত ইউ পি এ চৰকাৰৰ সময়ত সংঘটিত হোৱা আৰ্থিক অনিয়মৰ সন্দৰ্ভত এক শ্বেতপত্ৰ প্ৰকাশ কৰাৰ উদ্দেশ্যৰে এই ম্যাদ বৃদ্ধি কৰা হৈছে। ইফালে বিৰোধী ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ পূৰ্বে ৰাজনীতি কৰিবলৈকে এই এটা দিনৰ ম্যাদ বৃদ্ধি কৰা হৈছে বুলি আশাংকা কৰিছে।

এনে প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যোৱা ১০ বছৰৰ শাসনকালত আৰ্থিক অনিয়মক লৈ কংগ্ৰেছৰ তৰফৰ পৰা কৃষ্ণপত্ৰ প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।