ৰাষ্ট্ৰীয়

মই ৰামভক্ত, কংগ্ৰেছে কেতিয়াও মানুহক বিভাজন কৰিবলৈ ঈশ্বৰ আৰু ধৰ্ম ব্যৱহাৰ নকৰেঃ ইকবাল হুচেইনে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভগৱান ৰামক পাৰিবাৰিক ইশ্বৰ আখ্যা দিলে কংগ্ৰেছৰ এগৰাকী বিধায়কে। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়ক এইচ এ ইকবাল হুচেইনে বৃহস্পতিবাৰে কয় যে ৰাম তেওঁলোকৰ পৰিয়ালৰ ভগৱান আৰু তেওঁ ৰাম ভক্ত। তেওঁ লগতে কয় যে, ধৰ্মনিৰপেক্ষ উপায়েৰে তেওঁ ৰাম উৎসৱ উদযাপন কৰিব।

সাংবাদিকৰ আগত তেওঁ কয় যে, মই এজন ৰাম ভক্ত। মই সকলো ঈশ্বৰৰ উপাসনা কৰো ।

লগতে কয় যে, মই সৰুৰে পৰা দেৱী সৰস্বতী , লক্ষ্মী, গণেশ আৰু ৰামৰ পূজা কৰি আহিছো। মই 'ৰামোৎসৱ' ধৰ্ম নিৰপেক্ষভাৱে উদযাপন কৰিম।

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত তেওঁ কয়, "কিছুমানে তেওঁলোকৰ ৰাজনৈতিক লাভৰ বাবে কিবা কৰে কিন্তু কংগ্ৰেছে কেতিয়াও মানুহক বিভাজন কৰিবলৈ ঈশ্বৰ আৰু ধৰ্ম ব্যৱহাৰ নকৰে। কংগ্ৰেছৰ আদৰ্শ আছে আৰু সেয়া মই অনুসৰণ কৰো।