INDIA ক্ষমতালৈ আহিলেই জম্মু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি ৰাহুলৰ.... 
ৰাষ্ট্ৰীয়

INDIA ক্ষমতালৈ আহিলেই জম্মু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি ৰাহুলৰ....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভূস্বৰ্গ জম্মু কাশ্মীৰত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। বুধবাৰে জম্মুৰ ৰামবন আৰু কাশ্মীৰ উপত্যকাৰ অনন্তনাগত দুখন জনসভা সম্বোধন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

এই দুই জনসভাতে ৰাহুল গান্ধীয়ে অঞ্চলটোৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দি কয় যে, 'ইণ্ডিয়া' ক্ষমতালৈ আহিলেই জম্মু কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যদা ঘূৰাই দিয়া হ'ব।

বুধবাৰে ৰামবান অঞ্চলত প্ৰথমখন জনসভা সম্বোধন কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয়, স্বাধীন ভাৰতৰ ইতিহাসত বহু কেইখন কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যৰ মৰ্যাদা দিয়াৰ উদাহৰণ আছে। কিন্তু ৰাজ্যৰ মৰ্যাদা কাঢ়ি কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিণত হোৱাৰ উদাহৰণ মাত্ৰ এটাই- জম্মু কাশ্মীৰ।মানুহৰ অধিকাৰ কাঢ়ি লোৱাৰ এনে উদাহৰণ ভাৰতৰ ইতিহাসতে নাই।

উল্লেখ্য যে, ২০১৯ ত ৫ আগষ্টত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰিছিল। ইয়াৰ লগে লগে জম্মু কাশ্মীৰে লাভ কৰি অহা বিশেষ মৰ্যাদা হেৰুৱাইছিল।

তাৰোপৰি জম্মু কাশ্মীৰৰ পৰা লাডাখক আঁতৰাই জম্মু কাশ্মীৰ আৰু লাডাখক দুখন পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঠন কৰা হৈছিল। কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো গোচৰ উঠিছিল।

তাৰ মাজতেই ২০২১ ৰ ফেব্ৰুৱাৰীত লোকসভাত জম্মু আৰু কাশ্মীৰ পুনৰ গঠন (সংশোধন) বিল উত্থাপন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই বিল উত্থাপন কৰি অমিত শ্বাহে কৈছিল- যেতিয়া কাশ্মীৰক বিভক্ত কৰা হৈছিল তেতিয়া ক'তো লিখা নাছিল কাশ্মীৰে ৰাজ্যৰ মৰ্যাদা ঘূৰাই নাপাব। সঠিক সময়ত কাশ্মীৰে ৰাজ্যৰ মৰ্যাদা লাভ কৰিব ।

অৱশ্যে জম্মু কাশ্মীৰৰ বাবে সেই সঠিক সময় কেতিয়া আহিব সেয়া স্পষ্টকৈ গৃহমন্ত্ৰী অমিত শ্বাহ অথবা কেন্দ্ৰীয় চৰকাৰে ঘোষণা নকৰিলে। ইয়াৰ মাজতেই ২০২৩ চনৰ ১১ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠে এক ৰায় প্ৰদান কৰি কয় যে, জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ সিদ্ধান্ত অসাংবিধানিক নহয়।

তাৰোপৰি ন্যায়ালয়ে ২০২৪ ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰি অঞ্চলটোত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবেও নিৰ্দেশ প্ৰদান কৰে। ইয়াৰোপৰি জম্মু কাশ্মীৰক পুনৰ কেতিয়া পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া হ'ব সেই বিষয়েও ৩০ ছেপ্টেম্বৰৰ পূৰ্বে অৱগত কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছিল যদিও এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে কোনো কথাই উল্লেখ কৰা নাই।

এনে পৰিস্থিতিতে ৰাহুল গান্ধীয়ে আজিনিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি কয়, লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে মানুহলৈ ভয় কৰিবলৈ লৈছে নৰেন্দ্ৰ মোডীয়ে। তেওঁ শীঘ্ৰেই জম্মু কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখ্য যে, জম্মু কাশ্মীৰত এইবাৰ মুঠ ৩ টা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৯০ খন আসনৰ জম্মু কাশ্মীৰ বিধানসভাত ১৮ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ক্ৰমে ২৫ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত। ভোটগণনা হ'ব ৮ অক্টোবৰত।