ৰাষ্ট্ৰীয়

বিজেপি মণিপুৰলৈ যাব পাৰে,বিৰোধী কিয় যাব নোৱাৰে ? : মল্লিকাৰ্জুন খাৰ্গে

Asomiya Pratidin

ডিজিটেল ডেস্ক : বিগত কেইবাদিন ধৰি হিংসা-সন্ত্ৰাসৰে জৰ্জৰিত হৈ আছে উত্তৰ-পূব ভাৰতৰ অন্যতম ৰাজ্য মণিপুৰ। গোষ্ঠীগত সংঘৰ্ষৰ বাবেই ৰাজ্যখনত সৃষ্টি হৈছে অশান্ত পৰিৱেশৰ।

মণিপুৰৰ এনে পৰিস্থিতিৰ বুজ ল'বলৈ বিভিন্ন সময়ত আহিছিল দল-সংগঠনকে ধৰি ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকল। বৰ্তমানেও ৰাজ্যখনৰ একাংশ জনতাই বাহৰ পাতি থকা শিবিৰসমূহ পৰিদৰ্শনৰ লগতে আৰ্তজনৰ সৈতে মত বিনিময় কৰিবলৈ আহিছিল বিভিন্ন নেতা-কৰ্মী।

শেহতীয়াকৈ বৃহস্পতিবাৰে মণিপুৰত উপস্থিত হৈছে কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা ৰাহুল গান্ধী। মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি স্বাভাৱিক নোহোৱাৰ কাৰণে ৰাজ্যখনৰ আৰক্ষী-প্ৰশাসনে কংগ্ৰেছ নেতাগৰাকীৰ সুৰক্ষাৰ বাবে তেওঁক আৰ্তজনৰ ওচৰলৈ যোৱাত বাধা প্ৰদান কৰে।

নেতাগৰাকীক প্ৰশাসনে কৰা বাধা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কৰে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। মণিপুৰ আৰক্ষী-প্ৰশাসনৰ এনে কাৰ্যক তেওঁ নাটক আখ্যা দিয়ে।

শাসনাধিষ্ঠিত বিজেপি দলক কটাক্ষ কৰি কয় যে, বিজেপি দলে সদায় ঈৰ্ষা মনোবৃত্তিৰে কথা কয়। একনায়কত্ববাদৰ সৃষ্টি কৰিছে শাসনাধিষ্ঠ দল বিজেপিয়ে।

খাৰ্গে লগতে উল্লেখ কৰে মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'বলৈ যদি বিজেপি দলৰ সভাপতি অমিত শ্বাহকে ধৰি আন নেতা-কৰ্মীসকল যাব পাৰে তেন্তে, বিৰোধী দলৰ নেতা যোৱাত বাধা কিয় বুলি প্ৰশ্ন কৰে। বিজেপিৰ এনে ঠেক মানসিকতাক সভাপতি খাৰ্গে ধিক্কাৰ দিয়ে।