ৰাষ্ট্ৰীয়

অনলাইন ছান্দা সংগ্ৰহ: কংগ্ৰেছে আৰম্ভ কৰিলে 'ৰাষ্ট্ৰৰ বাবে দান' অভিযান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অনলাইন ছান্দা সংগ্ৰহ কৰাৰ অভিযান আৰম্ভ কৰিছে কংগ্ৰেছে। ইয়াৰ বাবে সোমবাৰৰ পৰা আৰম্ভ কৰিছে 'ৰাষ্ট্ৰৰ বাবে দান কৰক'( ডোনেট ফৰ দেশ) অভিযান। মুখ্য বিৰোধী দলটোৱে ২৮ ডিচেম্বৰত দলটোৰ ১৩৮ তম প্ৰতিষ্ঠা দিৱসৰ আগতে এই অভিযানৰ জৰিয়তে ১৩৮ টকা, ১,৩৮০ টকা, ১৩,৮০০ টকা বা অন্য ধন ৰাশি দান কৰিবলৈ আহ্বান জনাইছে।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই অভিযান আৰম্ভ কৰিছে। সূত্ৰ অনুসৰি জানিব পৰা মতে দলটোৱে আৰ্থিক সংকটত ভুগি আছে আৰু বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজিবলৈ ধন প্ৰত্যাহ্বান হিচাপে থিয় দিছে। যাৰ বাবে এই অভিযান আৰম্ভ কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছ নেতা কেচি বেণুগোপালে সংবাদ মাধ্যমৰ আগত কয়, "কংগ্ৰেছে অনলাইন পুঁজি সংগ্ৰহ অভিযান 'ৰাষ্ট্ৰৰ বাবে দান' আৰম্ভ কৰি গৌৰৱান্বিত। এয়া ১৯২০-২১ বৰ্ষত মহাত্মা গান্ধীৰ 'তিলক স্বৰাজ ফাণ্ড'ৰ দ্বাৰা অনুপ্ৰাণিত। তেওঁ লগতে কয় যে, এই অভিযান দলটোৰ প্ৰতিষ্ঠা দিৱস ২৮ ডিচেম্বৰলৈ চলিব। তাৰপাছতে অফলাইন অভিযান চলিব। ইয়াৰ অধীনত দলটোৰ সৈতে সম্পৰ্কিত স্বেচ্ছাসেৱকসকলে ঘৰে ঘৰে যাব আৰু প্ৰতিটো বুথত কমেও ১০ টা পৰিয়ালৰ পৰা ১৩৮ টকা সংগ্ৰহ কৰিব।

কংগ্ৰেছৰ এই অভিযানক লৈ বিজেপিয়ে কটাক্ষ কৰা দেখা যায়। বিজেপিয়ে কৈছে যে এয়া "ৰাজহুৱা ধন দখল কৰা আৰু গান্ধী পৰিয়ালক সমৃদ্ধ কৰাৰ আন এটা প্ৰয়াস"। বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰৱক্ত শ্বাহজাদ পুনাৱালাই কয় যে ৬০ বছৰ ধৰি দেশত লুট চলাই এতিয়া আকৌ খুজি আছে। কংগ্ৰেছে নিজৰ দুৰ্নীতি ঢাকিবলৈ এই অভিযান আৰম্ভ কৰিছে।