CJI DY Chandrachud: মুখ্য ন্যায়াধীশৰে মোডীৰ ঘনিষ্ঠতাঃ পদ মৰ্যাদাক লৈ প্ৰশ্ন, দেশজুৰি বিতৰ্ক... 
ৰাষ্ট্ৰীয়

CJI DY Chandrachud: মুখ্য ন্যায়াধীশৰে মোডীৰ ঘনিষ্ঠতাঃ পদ মৰ্যাদাক লৈ প্ৰশ্ন, দেশজুৰি বিতৰ্ক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় (Chief Justice D Y Chandrachud) ৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া দেশজুৰি আৰম্ভ হৈছে নতুন এক বিতৰ্ক। উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন।

বুধবাৰে নিশাৰে পৰা মুখ্য ন্যায়াধীশৰ বাসগৃহত প্ৰধানমন্ত্ৰী মোডী (Prime Minister Narendra Modi) ৰ উপস্থিতিৰ দৃশ্য সামাজিক মাধ্যমত এই ভাইৰেল হৈ পৰিছে। নেটিজেনসকলে প্ৰশ্ন তুলিছে মুখ্য ন্যায়াধীশৰ দৰে সংবিধান ৰক্ষাকৰ্তাক ব্যক্তিগত পৰিসৰত ৰাজনৈতিক নেতাৰ সৈতে একেটা ফ্ৰেমত এইদৰে পৰিলক্ষিত হোৱাৰ বিষয়টো শোভনীয় হৈছেনে?  একেদৰেই দেশৰ আইনজীৱিসকলৰ একাংশয়ো এই দৃশ্য দেখাৰ পিছতে নানান ধৰণে সমালোচনা কৰিছে।  

দৰাচলতে বুধবাৰে সন্ধিয়া মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বাসগৃহত গণেশ পূজাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছিলগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইতিমধ্যে ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু তেওঁৰ পত্নী কল্পনা দাসে নৰেন্দ্ৰ মোডীক আদৰণি জনাইছে।

তাৰ পাছত তিনিও মিলি গণেশ আঁৰতিত অংশগ্ৰহণ কৰিছে। অৱশ্যে প্ৰধানমন্ত্ৰী মোডী মুখ্য ন্যায়াধীশৰ বাসগৃহত বহু সময় নাথাকিল। তেওঁক সৌজন্যমূলক সাক্ষাতৰ লগতে গণেশ আঁৰতি কৰি তাৰ পৰা বিদায় লয়।

কিন্তু এই ক্ষেন্তেক সময়ৰ দৃশ্য সামাজিক মাধ্যম, সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছতে নানান প্ৰশ্ন উত্থাপিত হৈছে। মুখ্য ন্যায়াধীশগৰাকীৰ প্ৰধানমন্ত্ৰীৰ সৈতে ব্যক্তিগত পৰিসৰত ইমান সৌজন্যতাক লৈ প্ৰশ্ন উঠিছে।

বৰ্ষিয়ান আইনজ্ঞ ইন্দিৰা জয়সিঙে (Indira Jaising) সংবাদ মাধ্যমৰ আগত এই বিষয়ত কয় এইদৰে- ''খোদ দেশৰ মুখ্য ন্যায়াধীশে প্ৰশাসন আৰু ন্যায় ব্যৱস্থাৰ দূৰত্বক লৈ আপোচ কৰিছে। এই কাৰ্যৰ বাবেই মুখ্য ন্যায়াধীশৰ নিৰপেক্ষতাৰ ওপৰত থকা আস্থা হ্ৰাস পাব। বাৰ এছোচিয়েচনে এই ঘটনাক নিন্দা কৰা উচিত।'

আইনজ্ঞ প্ৰশান্ত ভূষণ (Prashant Bhushan)য়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ন্যায়াধীশে নিজৰ পদ মৰ্যাদাৰ ওপৰত খেয়াল ৰখা উচিত।এনেকুৱা কোনো কাম কৰিব নালাগে যিয়ে তেওঁৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ সুযোগ দিয়ে।

এইসকল আইনজ্ঞৰ দৰেই বিৰোধী ৰাজনৈতিক দলসমূহেও এই কাৰ্যক সমালোচনা কৰিছে। শিৱ সেনাৰ নেতা সঞ্জয় ৰাউট (Sanjay Raut)য়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, এনেধৰণৰ সাক্ষাতে সংশয়ৰ সৃষ্টি কৰে। আৰ জে ডিৰ নেতা মনোজ ঝা (Manoj Jha)ই কয়, গণেশ পূজা ব্যক্তিগত বিষয়। এই পূজালৈ এইদৰে কেমেৰা লৈ গৈ যি ভিডিঅ’, ফটো প্ৰচাৰ কৰিছে সেইসমূহে অস্বস্তিকৰ বাৰ্তা বহন কৰিছে।

মন কৰিবলগীয়ে যে, ন্যায়পালিকাৰ কাম-কাজত শাসকীয় বিজেপিয় হস্তক্ষেপ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন নতুন কথা নহয়। ৰাহুল গান্ধী (Rahul Gandhi)ৰ সাংসদ পদ কৰ্তন কৰা ন্যায়াধীশক কিদৰে পুৰস্কৃত কৰা হৈছিল সেয়া দেশবাসীৰ মনত আছে।

ৰাম মন্দিৰ, জম্মু-কাশ্মীৰ আদিৰ প্ৰসংগত ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ সময়ত কিদৰে ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল, কিদৰে ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰাৰ পিছত বিজেপিৰ পৰা পুৰস্কাৰ লৈছিল সেয়াও চৰ্চা হৈ আহিছে।

সৌ সিদিনা হৈ যোৱা লোকসভা নিৰ্বাচনত কলকাতা উচ্চ ন্যায়ালয়ৰ অভিজিৎ বেনাৰ্জী (Justice Abhijit Banerjee) য়ে নিজ দায়িত্বৰ পৰা অব্যাহতি লৈ বিজেপিত যোগদান কৰিছিল আৰু লোকসভাৰ সদস্য হৈছে সেয়া দেশবাসীয়ে দেখিছে। তেওঁ ন্যায়াধীশ হিচাপে দায়িত্বত থকাৰ সময়ত বংগ চৰকাৰৰ সৈতে হোৱা সংঘাতো আলোচনা হৈছে।

এনে পৰিপ্ৰেক্ষিততে এতিয়া মুখ্য ন্যায়াধীশৰো প্ৰধানমন্ত্ৰীৰে এনে ঘনিষ্ঠতা দেখি স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে। কিয়নো উচ্চতম ন্যায়ালয়ত এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কেইবাটাও সংবেদনশীল বিষয় বিচাৰাধীন হৈ আছে। অৱশ্যে এই সমালোচনাক মুখ্য ন্যায়াধীশগৰাকীয়ে কিদৰে লয় সেয়া হ’ব লক্ষ্যণীয়।