পুনৰ আহিছে কোভিড-১৯! কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা... 
ৰাষ্ট্ৰীয়

পুনৰ আহিছে কোভিড-১৯! কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ বিশেষ নিৰ্দেশনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত কোভিড-১৯ ৰ জেএন-১ প্ৰকাৰৰ ভেৰিয়েণ্টৰ প্ৰথমটো ঘটনা চিনাক্ত কৰাৰ পাছতে ৰাজ্যসমূহলৈ সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শমূলক জাননী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে। ১৮ ডিচেম্বৰত প্ৰেৰণ কৰা এক পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে উল্লেখ কৰিছে যে, চলিত বছৰৰ মে' মাহত বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-১৯ ৰ সংক্ৰমণ হ্ৰাস হোৱাৰ লগতে ব্যাপক হাৰত ভেকচিন প্ৰদান কৰাৰ ফলত আন্তৰ্জাতিক উদ্বেগৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা (Public Health Emergency of International Concern চমুকৈ PHEIC) প্ৰত্যাহাৰ কৰিছিল।

এই সময়ছোৱাত ভাৰততো কোভিড-১৯ ৰং সংক্ৰমণ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়াকৈ কেৰালাৰ দৰে কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কোভিড-১৯ৰ সংক্ৰমণ সামান্য বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছে।

অৱশ্যে কোনো নতুন প্ৰকাৰ পোৱা নাই যদিও কেইবাজনো সংক্ৰমিত ৰোগীৰ ওপৰত ৰাজ্য চৰাকৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন। সেয়ে আগন্তুক উৎসৱৰ সময়ছোৱাত শ্বাস-প্ৰশ্বাসৰ পৰিচ্ছন্নতা বজাই ৰাখি ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা হ্ৰাস কৰাৰ লগতে সকলো আন কেতবোৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।