ৰাষ্ট্ৰীয়

'মিচাউঙ'ৰ কবলত দক্ষিণ ভাৰতঃ প্ৰৱল বৰষুণ, তীব্ৰবেগী বতাহত প্ৰাণ গ'ল ৮ জনৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ। ঘূৰ্ণীবতাহ মিচাউঙৰ ফলত তামিলনাডু আৰু পুডুচেৰীত প্ৰৱল বৰষুণ হৈ আছে। উত্তৰ উপকূলীয় তামিলনাডুত চেন্নাই, চেংগালপট্টু, কাঞ্চীপুৰম, নাগাপট্টিনাম, আৰু কুড্ডালোৰ আদি জিলা প্লাবিত হৈছে।

বতৰ বিজ্ঞান বিভাগৰ মতে, মিচাউঙে দুপৰীয়াৰ পিছত যিকোনো সময়তে অন্ধ্ৰ প্ৰদেশৰ বাপাটলাতত তাণ্ডৱ চলাব পাৰে । এই বতাহৰ গতিবেগ প্ৰতিঘন্টাত ১১০ কিলোমিটাৰ হোৱাৰ সম্ভাৱণা আছে। এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ ইতিমধ্যে দক্ষিণ আৰু উত্তৰ ভাৰতৰ বহুতো ৰাজ্যত দেখা গৈছে।

এই বতাহ আহি পোৱাৰ পূৰ্বে ৫ ৰাজ্যত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। উল্লেখ্য যে, নেল্লোৰ আৰু মছলীপট্টনমত যেতিয়া মাটিৰ লগত এই বতাহে কোব মাৰিব তেতিয়া ইয়াৰ গতিবেগ কিছু কমিব।

চেন্নাই প্ৰৱল বৰষুণৰ ফলত বৰ্তমানলৈকে ৮ খন বিমান বাতিল কৰা হৈছে। ইয়াৰ লগতে ট্ৰেইনৰ চলাচল বাতিল আৰু বিদ্যালয় বন্ধ কৰাৰ ঘোষণা কৰা হৈছে। বৰ্তমানলৈকে ধাৰাষাৰ বৰষুণৰ ফলত চেন্নাইত ৮ জন লোকে প্ৰাণে হেৰুওৱা বুলি জানিব পৰা গৈছে। বৰষুণৰ লগতে তীব্ৰ বতাহ দেখা গৈছে। চেন্নাইত বৰষুণে ইমানেই ভয়ংকৰ ৰূপ লৈছে যে চেন্নাইৰ ৰাজপথত পানী কঁকাল পোৱাৰ উপক্ৰম হৈছে।

এই ঘূৰ্ণী বতাহৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰপ্ৰদেশক ৮ ৰাজ্য ক্ৰমে- তিৰুপতি, নেল্লোৰ, প্ৰকাশম, বাপতলা, কৃষ্ণা পশ্চিম গোদাবৰী, কোনসীমা আৰু কাকীনাডাত এলাৰ্ট জাৰি কৰিছে ৰাজ্য চৰকাৰে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগমোহন ৰেড্ডীয়ে এই বতাহৰ মোকাবিলা কৰিবলৈ ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠকত বিভাগীয় কৰ্তৃপক্ষ সমূহক বিভিন্ন সাহায্য আৰু উদ্ধাৰ অভিযানৰ বিষয়ে নিৰ্দেশ জাৰি কৰিছে।

উল্লেখ্য যে, মিচাউঙ ঘূৰ্ণী বতাহ ৩ ডিচেম্বৰৰ নিশা প্ৰায় ১১.৩০ হজাত চেন্নাইৰ তকীয় উপকূলত খুন্দা মাৰিছিল। তাৰ পাছত ৪ ডিচেম্বৰৰ নিশাৰ পৰাই তামিলনাডুৰ ১১ খন জিলাত প্ৰৱল বৃষ্টিপাত হৈ আছে। আৰু এতিয়া এই বতাহে ৫ ডিচেম্বৰত অন্ধ্ৰপ্ৰদেশত প্ৰৱেশ কৰিব। ৬ ডিচেম্বৰলৈ অন্ধ্ৰপ্ৰদেশত ইয়াৰ প্ৰভাৱ থাকিব। তাৰ পাছত ৭ ডিচেম্বৰত এই ঘূৰ্ণী বতাহে পশ্চিম বংগত তাণ্ডৱ চলাব পাৰে।