কাশ্মীৰত বৃদ্ধি সন্ত্ৰাসবাদীৰ আক্ৰমণঃ আজি প্ৰতিৰক্ষা মন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক আহ্বান 
ৰাষ্ট্ৰীয়

কাশ্মীৰত বৃদ্ধি সন্ত্ৰাসবাদীৰ আক্ৰমণঃ আজি প্ৰতিৰক্ষা মন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক আহ্বান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এক উচ্চস্তৰীয় বৈঠক আহ্বান কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, ভাৰতীয় সেনাৰ চিফ জেনেৰেল উপেন্দ্ৰ দ্বিবেডী আৰু দেশৰ নিৰাপত্তা সংস্থাসমূহৰ মুৰব্বীৰে এই বৈঠক অনুষ্ঠিত হ'ব।

জানিব পৰা মতে বৈঠকখনত প্ৰতিৰক্ষা বিভাগৰ সচিব আৰু ডি জি এম অ' (Director General of Military Operations) উপস্থিত থাকিব। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নতুন দিল্লীৰ ছাউথ ব্লকত অনুষ্ঠিত হ'বলগীয়া এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

মন কৰিবলগীয়া যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছৰে পৰা সন্ত্ৰাসজৰ্জৰ অঞ্চলটোলৈ শান্তি ঘূৰি আহিব বুলি ধাৰণা কৰা হৈছিল যদিও অঞ্চলটোত সন্ত্ৰাসবাদী সমস্যা হ্ৰাস পোৱা নাই। বৰঞ্চ প্ৰায় প্ৰতি সপ্তাহতে একাধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে এই অঞ্চলটোত।

নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰাৰ পাছৰে পৰা বৰ্তমানলৈকে কাশ্মীৰত ধাৰাবাহিক ভাৱে সন্ত্ৰাসবাদীৰে সংঘৰ্ষ অব্যাহত আছে সেনা আৰু নিৰাপত্তাৰক্ষীৰ। ৯ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ সময়ত কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ১০ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল।

ইয়াৰ পিছত জুনৰ ১১, ১২, ২৬ তাৰিখে কাশ্মীৰৰ ভিন্ন স্থানত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষ হৈছিল। এই সংঘৰ্ষত কেইবাজনো সেনা, সুৰক্ষা বাহিনীৰ জোৱান ছহিদ হৈছিল।

জুলাই মাহৰ ৬, ৮, ৯, ১৫, ১৮, ২২, ২৪, ২৭ তাৰিখেও এই অঞ্চলটোত সেনা, সুৰক্ষা বাহিনীৰে সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হৈছে। এই সংঘৰ্ষত সন্ত্ৰাসবাদীৰ উপৰিও ভাৰতীয় সেনাৰ কেইবাজনো জোৱান ছহিদ হৈছে। ব্যতিক্ৰম নহয় আগষ্ট মাহো।

আগষ্ট মাহৰ এটা পষেকত অঞ্চলটোত একাধিক আক্ৰমণ সংঘটিত হৈছে। এনে পৰিস্থিতিত ৰাজনাথ সিঙে আজি আহ্বান কৰা এই বৈঠক স্বাভাৱিকতে অতি গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।