ৰাষ্ট্ৰীয়

গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Asomiya Pratidin

ডিজিটেল ডেস্ক : সুৰা কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেজৰিৱাল চৰকাৰৰে কেবিনেট মন্ত্ৰী আতিশীয়ে প্ৰকাশ কৰিছিল এই আশংকা। তাৰ পাছতে অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত দেশৰ ৰাজনীতিত চলিছে চৰ্চা।

মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহত তালাচী চলাব পাৰে তদন্তকাৰী সংস্থা ইডিয়ে। উল্লেখযোগ্য যে ইডিয়ে ৩বাৰকৈ অৰবিন্দ কেজৰিৱাললৈ চমন জাৰি কৰিছিল। কিন্তু লক্ষ্যণীয়ভাৱে এবাৰো সংস্থাটোৰ কাৰ্য্যালয়ত উপস্থিত নহ'ল মুখ্যমন্ত্ৰী কেজৰিৱাল।

ইয়াৰ পিছতে এতিয়া গ্ৰেপ্তাৰৰ আশংকাত পৰিছে আম আদমী পাৰ্টী। বৃহস্পতিবাৰে ১২ বজাত সংবাদ মাধ্যমক সম্বোধন কৰিব পাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। চৰ্চা চলিছে অতিশীঘ্ৰেই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী গ্ৰেপ্তাৰ হ'ব।