ৰাষ্ট্ৰীয়

দুৰাৰোগ্য ৰোগত আক্ৰন্ত আছিল শিশু, গংগাত স্নান কৰালে পিতৃ-মাতৃয়ে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অন্ধবিশ্বাসে প্ৰাণ কাঢ়িলে ৭ বছৰীয়া এটি শিশুৰ। দিল্লীৰ এটি শিশুক পিতৃ-মাতৃয়ে গংগাত স্নান কৰাবৰ বাবে লৈ গৈছিল। তাতেই পানীত ডুবি শিশুটিৰ মৃত্যু হয়। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে তন্ত্ৰ-মন্ত্ৰৰ দ্বাৰা শিশুটিক চিকিৎসা কৰাৰ চেষ্টা কৰিছিল। ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পাছতেই আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পিতৃ-মাতৃসহ ৩ জনক আটক কৰে।

প্ৰাথমিক তদন্তত পোহৰলৈ আহে যে শিশুটি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল আৰু দিল্লীৰ এখন চিকিৎসালয়ত তেওঁৰ চিকিৎসা চলি আছে।

কিন্তু চিকিৎসাই কোনো কাম দিয়া নাছিল যাৰ বাবে তেওঁলোক হৰিদ্বাৰত গংগাত স্নান কৰিব গৈছিল।

শিশুটোৰ মৃত্যুৰ সন্দৰ্ভত এটা নতুন ভিডিঅ' পোহৰলৈ আহিছে, য'ত তিনিজন লোকে শিশুসকলক বহু সময় ধৰি পানীত ডুবাই থকা দেখা গৈছে। যেতিয়া ঘটনাস্থলীত উপস্থিত লোকসকলে হস্তক্ষেপ কৰিছিল তেতিয়া শিশুটোক পানীৰ পৰা উলিয়াই অনা হৈছিল।

ইতিমধ্যে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে জনাই যে শিশুটিৰ মাহীয়েক এই সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।