ৰাষ্ট্ৰীয়

"ব্ৰীজ ভূষণক জিম্মাত লৈ কোনো উদ্দেশ্য পূৰণ কৰা নহ'ব": দিল্লী আদালত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত 'ৰেছলিং ফেডাৰেচন অফ ইণ্ডিয়া'ৰ মুৰব্বী তথা জ্যেষ্ঠ বিজেপি নেতা-সাংসদ ব্ৰীজ ভূষণ চৰণ সিঙক জামিন প্ৰদান দিল্লী আদালতৰ। এই সন্দৰ্ভত দিল্লী আদালতে এক বিশেষ নিৰ্দেশনাও জাৰি কৰিছে।

শুকুৰবাৰে দিল্লী আদালতে প্ৰকাশ কৰা এই নিৰ্দেশনাত কয় যে, 'ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ "গুৰুতৰ" কিন্তু এই পৰ্যায়ত তেওঁক জিম্মাত লৈ কোনো উদ্দেশ্য পূৰণ কৰা নহ'ব'।

উল্লেখ্য আদালতে বৃহস্পতিবাৰে বিজেপিৰ ৬বাৰৰ সাংসদ সিঙক নিয়মীয়া জামিন প্ৰদান কৰাৰ লগতে নিলম্বিত 'ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়া'ৰ সহকাৰী সম্পাদক বিনোদ টোমাৰৰ জামিন আবেদনৰ অনুমতি দিয়ে। অনুমতিৰ পিছতে শুকুৰবাৰে এক প্ৰতিবেদনত অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ হৰজিৎ সিং জছপালে উল্লখ কৰে যে, "দেশৰ আইন সকলোৰে বাবে সমান, ইয়াক ভুক্তভোগীসকলৰ পক্ষত টানি নিব নোৱাৰি বা ই অভিযুক্তৰ পক্ষত হেঁচা দিব নোৱাৰে।"

এই সন্দৰ্ভত তেওঁ ৯ পৃষ্ঠাজোৰা আদেশ জাৰি কৰি কয় যে, "তাৎক্ষণিক ক্ষেত্ৰত, অভিযোগবোৰ গুৰুতৰ। মোৰ দৃষ্টিত, জামিনৰ আৱেদন বিবেচনা কৰোঁতে অভিযোগবোৰৰ গুৰুত্বৰ ওপৰত কোনো সন্দেহ নাই। পিছে যেতিয়া বিচাৰাধীন বন্দীসকলক অনিৰ্দিষ্ট কালৰ বাবে কাৰাগাৰত বন্দী কৰি ৰখা হয়, সংবিধানৰ অনুচ্ছেদ ২১ (জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ) উলংঘা কৰা হয়।" তেওঁ লগতে কয়, "এই বিষয়টোত, মোৰ বিবেচিত মতামত অনুসৰি, এই পৰ্যায়ত, অভিযুক্ত ব্যক্তিসকলক জিম্মাত লৈ কোনো উদ্দেশ্য পূৰণ নহ'ব।"

আদালতৰ এই ৰায়ত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশৰ সৰ্বত্ৰে। অভিযুক্তক শাস্তি প্ৰদানৰ বাবে দাবী কৰি অহা সকলে অসন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে আদালতৰ ৰায়ক সন্মানো জনাইছে বহুজনে।

উল্লেখ্য, দিল্লী আৰক্ষীয়ে ১৫ জুনত সাংসদগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩৫৪ ধাৰা, ৩৫৪এ (যৌন নিৰ্যাতন), ৩৫৪ডি (অনুসৰণ) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি)ৰ অধীনত অভিযোগনামা দাখিল কৰিছিল।