অৱশেষত ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ অৰবিন্দ কেজৰিৱাল... 
ৰাষ্ট্ৰীয়

অৱশেষত ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ অৰবিন্দ কেজৰিৱাল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৭ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ দিল্লীৰ বাসগৃহতে ২ ঘণ্টা সোধপোচৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে।

ইয়াৰ পিছতে আজি ইডিয়ে কেজৰিৱালক আদালতত হাজিৰ কৰাই আৰু নিজৰ জিম্মাত বিচাৰে। আদালতে দুয়ো পক্ষৰ যুক্তি শুনি কিছু সময়ৰ বাবে গোচৰৰ ৰায় সংৰক্ষিত কৰি নিশা প্ৰায় ৮-৩০ বজাত কেজৰিৱালক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ ঘোষণা কৰে।

ইয়াৰ লগে লগে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ইডিৰ জিম্মালৈ যোৱাটো নিশ্চিত হয়। উল্লেখ্য যে, ইডিয়ে শুকুৰবাৰে ন্যায়ালয়ত অৰবিন্দ কেজৰিৱালক নিজৰ জিম্মাত বিচাৰি কেইবাটাও যুক্তি দিয়ে।

ইডিৰ ফালৰ পৰা কয়, দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী ২০২২ ৰ গোৱাৰ নিৰ্বাচনত আম আদমি পাৰ্টিৰ প্ৰচাৰত অপৰাধৰ দ্বাৰা আৰ্জিত ধন ব্যৱহাৰত প্ৰত্যক্ষভাৱে জড়িত আছিল। ইয়াৰোপৰি ইডিয়ে দৃঢ়তাৰে কয়, কেজৰিৱাল দিল্লীৰ সুৰা নীতি কেলেংকৰীৰ মূল ব্যক্তি, মুখ্য ষড়যন্ত্ৰকাৰী। তেওঁ দিল্লীৰ আন মন্ত্ৰী আৰু আপ নেতাৰ সহযোগত এই কেলেংকাৰী কৰিছে।

ইডিৰ দাবী অৰবিন্দ কেজৰিৱালে তেওঁৰ মুখ্যমন্ত্ৰীৰ পদবী ব্যৱহাৰ কৰি মানি লণ্ডাৰিং কাৰ্যকলাপ কৰিছিল। উল্লেখ্য, দিল্লীৰ সুৰা নীতিৰ গোচৰত কেজৰিৱাললৈ মুঠ ৯ খন চমন জাৰি কৰিছিল যদিও কেজৰিৱালে এই চমন অগ্ৰাহ্য কৰি আহিছিল। এনে পৰিস্থিতিত ইডিয়ে মুঠ দুবাৰ এই প্ৰসংগত আদালতৰ কাষ চাপিছিল আৰু আদালতে কেজৰিৱালক ইডিৰ প্ৰতি সহাৰি জনাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।