ৰাষ্ট্ৰীয়

মহ খেদা ধূপৰ পৰা অগ্নিৰ সূত্ৰপাত! এটা পৰিয়ালৰে ৬ জনৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰথম অৱস্থাত মহ খেদা ধূপৰ পৰা অগ্নিৰ সূত্ৰপাত ঘটে আৰু পৰৱৰ্তী সময়ত ই ভয়ংকৰ ৰূপ লয়। যাৰ ফলত এটা পৰিয়ালৰে ৬ জনকৈ লোকৰ মৃত্যু হয়।

এই ঘটনা দিল্লীৰ শাস্ত্ৰী পাৰ্কস্থিত এটি অঞ্চলৰ। ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ৯:০০ মান বজাত আৰক্ষীয়ে এটা ফোন লাভ কৰিছিল যে শাস্ত্ৰী পাৰ্কৰ এটা ঘৰত জুই লাগিছে।

তাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দেখে যে ৬ জন লোকৰ মৃত্যু হৈছিল। আনহাতে আহত ৩ জনক জগ প্ৰবেশ চন্দ্ৰ চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়। মৃত সকলৰ ভিতৰত আছে ৪জন প্ৰাপ্তবয়স্ক পুৰুষ, এগৰাকী প্ৰাপ্তবয়স্ক মহিলা আৰু এটা ডেৰ বছৰীয়া শিশু।

আৰক্ষীয়ে জনোৱা অনুসৰি, মহ খেদিবলৈ কোনো ধূপ ব্যৱহাৰ কৰিছিল পৰিয়ালটোয়ে। যাৰ ফলত ঘৰটোত জুই লাগি ৬ জনৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।