ৰাষ্ট্ৰীয়

জীৱ-জন্তুক খাদ্য দিয়া ভাল কথা, কিন্তু ইয়ে খাদ্য বিচৰা ক্ষমতা নোহোৱা কৰিছেঃ দিল্লী উচ্চ ন্যায়ালয়

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পদপথৰ কুকুৰক লৈ দিল্লী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। সোমবাৰে ন্যায়ালয়ে কয় যে, পদপথৰ কুকুৰবোৰ বিপদত পৰিণত হৈছে। লগতে ডেৰ বছৰীয়া এটি শিশুৰ পিতৃৰ দ্বাৰা ৫০ লাখ টকাৰ ক্ষতিপূৰণ সন্দৰ্ভত দাখিল কৰা আবেদনত কৰ্তৃপক্ষৰ স্থিতি বিচাৰিছে। উল্লেখ্য যে, কেইদিনমান পূৰ্বে কুকুৰৰ এটা জাকে এটি কনমানিক আক্ৰমণ কৰাৰ ফলত মৃত্যু হৈছিল।

ন্যায়াধীশ সুব্ৰমোনিয়াম প্ৰসাদে নতুন দিল্লী পৌৰ পৰিষদৰ (এনডিএমচি) লগতে মহানগৰ চৰকাৰ আৰু আৰক্ষীক জাননী জাৰি কৰে। এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত তেওঁলোকৰ পৰা স্থিতি বিচাৰে।

জানিব পৰা মতে ডেৰ বছৰীয়া শিশুটি ঘৰৰ বাহিৰত বহি আছিল। তেতিয়াই ৪ টা কুকুৰ আহি শিশুটিক আক্ৰমণ কৰি টানি লৈ যায় আৰু পাছত মাৰি পেলায়।

ন্যায়ালয়ে কয় যে, সমস্যা এয়াই যে একাংশই ভেনত আহে আৰু কুকুৰবোৰক খাদ্য দিয়ে। যাৰ বাবে কুকুৰবোৰ অত্যাধিক আক্ৰমণাত্মক হৈ পৰিছে আৰু যাকে তাকে আক্ৰমণ কৰে। পদচাৰীৰ বাবে কুকুৰবোৰ বিপদ হৈ পৰিছে।

লগতে ন্যায়ালয়ে কয় যে, জীৱ-জন্তুক খাদ্য খুওৱাতো ভাল কথা। কিন্তু ইয়াৰ দ্বাৰা জীৱ-জন্তুৰ নিজে খাদ্য বিচৰাৰ ক্ষমতা কাঢ়ি লৈছে। গতিকে তেওঁলোকৰ ওচৰত কৰিবলৈ একো কাম নাথাকে।

ন্যায়ালয়ে লগতে চিচিটিভি ফুটেজ সংগ্ৰহ কৰাৰো নিৰ্দেশ দিয়ে।

ৰাহুল কানাউজিয়াই তেওঁৰ আবেদনত কৈছিল যে এনডিএমচিৰ অৱহেলা আৰু প্ৰশাসনিক ত্ৰুটিৰ বাবে তেওঁৰ কন্যা নিৰ্মম আক্ৰমণৰ বলি হৈছিল। ২৪ ফেব্ৰুৱাৰীত এই ঘটনা সংঘটিত হৈছিল।

এই বিষয়টোৰ ওপৰত পৰৱৰ্তী শুনানি ১৩ মাৰ্চত হ'ব।