অপমান কৰিবলৈ মোক গ্ৰেপ্তাৰ কৰিছেঃ অৰবিন্দ কেজৰিৱাল 
ৰাষ্ট্ৰীয়

জামিন পালেও কাৰাগাৰতে থাকিব লাগিব কেজৰিৱাল....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি জেলৰ পৰা ওলাই আহিব নোৱাৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইডিৰ হস্তক্ষেপৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ে গোচৰৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে তেওঁৰ জামিন মঞ্জুৰ নকৰে। বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে কেজৰিৱালক ১ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰিছিল।

শুকুৰবাৰে কেজৰিৱাল জেলৰ পৰা ওলোৱাৰ পূৰ্বে ইডি য়ে দিল্লী উচ্চ ন্যায়ালয়ত উপস্থিত হয়। তেওঁৰ জামিনৰ বিৰোধিতা কৰি ইডিয়ে কয় যে তেওঁলোকে এতিয়াও বিচাৰ আদালতৰ নিৰ্দেশৰ প্ৰতিলিপি লাভ কৰা নাই। উল্লেখ্য যে, কেজৰিৱালে বৃহস্পতিবাৰে জামিন লাভ কৰাৰ সময়তো ইডি য়ে ইয়াৰ বিৰোধিতা কৰিছিল। লগতে আদালতৰ পৰা ৪০ ঘণ্টাৰ সময় বিচাৰিছিল। যদিও আদালতে ইডি ৰ যুক্তি নাকচ কৰিছিল।

ইডি য়ে লগতে কয় য়ে, জামিন আবেদনৰ বিৰোধিতা কৰিবলৈ ইডিক সম্পূৰ্ণ সুযোগ দিয়া হোৱা নাছিল। ইয়াৰোপৰি ইডি য়ে বিচাৰ আদালতৰ নিৰ্দেশ স্থগিত ৰখাৰ লগতে গোচৰৰ শুনানি অতি সোনকালে হ’ব লাগে বুলিও আবেদন জনায়। ইডি ৰ আবেদনক সন্মতি জনাই উচ্চ ন্যায়ালয়ে গোচৰৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে বিচাৰ আদালতৰ নিৰ্দেশ কাৰ্যকৰী নহ’ব বুলি নিৰ্দেশ দিয়ে। ইয়াৰ অৰ্থ স্পষ্ট যে গোচৰৰ শুনানি সম্পূৰ্ণ নোহোৱালৈকে জেলৰ পৰা ওলাব নোৱাৰিব কেজৰিৱাল।