বিমানতো অসুৰক্ষিত যাত্ৰীঃ ২০০ বিমান ভ্ৰমণ কৰি যাত্ৰীক লুটিলে চোৰে... 
ৰাষ্ট্ৰীয়

বিমানতো অসুৰক্ষিত যাত্ৰীঃ ২০০ বিমান ভ্ৰমণ কৰি যাত্ৰীক লুটিলে চোৰে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাছ আৰু ৰে’ল যাত্ৰাত সাধাৰণতে যাত্ৰীসকল নিজৰ সা-সামগ্ৰীক লৈ যথেষ্ট সচেতন হয়। এই যাত্ৰাৰ সময়ছোৱাত যাত্ৰীৰ সামগ্ৰীত চোৰৰ যাতে হাত নালাগে তাৰ বাবে সকলো যাত্ৰীয়েই সচেতনতাৰে যাত্ৰা কৰে।

কিন্তু বিমান যাত্ৰাত যাত্ৰীৰ সামগ্ৰী চোৰ হোৱাৰ সম্ভাৱনা প্ৰায় নাথাকে। বিমান যাত্ৰাত সকলো সুৰক্ষিত। মানুহৰ ধাৰণা বিমানত চোৰ নুঠে। কিন্তু মানুহৰ এই ধাৰণাৰে সুযোগ গ্ৰহণ কৰিছে চোৰে।

বাছ, ৰে'ল যাত্ৰাতকৈ সুৰক্ষিত বুলি বিবেচিত হোৱা বিমান যাত্ৰাও এতিয়া হৈ থকা নাই সুৰক্ষিত। কিয়নো বিমানৰ ভিতৰতে কেতিয়া আপোনাৰ বহুমূলীয়া সামগ্ৰী চোৰ হয় তাৰ কোনো নিশ্চয়তা নাই।

একাংশ চোৰে এতিয়া বিমান যাত্ৰীক লুটিবলৈকে এখনৰ পিছত সিখনকৈ বিমান বগাই ফুৰিছে। শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে এনে এটা হাইপ্ৰফাইল চোৰ। এই হাইপ্ৰফাইল চোৰটোৱে এটা দুটা নহয় মুঠ ২০০ বিমান ভ্ৰমণ কৰি চুৰিৰ ঘটনা সংঘটিত কৰিছে।

শেহতীয়াকৈ যোৱা ৩ মাহত বিমানৰ ভিতৰত দুটাকৈ পৃথক চুৰি কাণ্ডৰ অভিযোগ লাভ কৰিছিল আৰক্ষীয়ে। ইয়াৰে এটা চুৰিৰ ঘটনা আছিল ১১ এপ্ৰিলত হায়দৰাবাদৰ পৰা দিল্লী অভিমুখী বিমানত আৰু আন এটা চুৰিৰ ঘটনা পোহৰলৈ আহিছিল ২ ফেব্ৰুৱাৰীত অমৃতসৰৰ পৰা দিল্লী অভিমুখী বিমানত। প্ৰথমটো ঘটনাত চোৰে লুটিছিল এগৰাকী যাত্ৰীৰ ৭ লাখ টকাৰ গহণা। সেইদৰে দ্বিতীয়টো ঘটনাত চোৰে লুটি নিছিল প্ৰায় ২০ লাখ টকাৰ গহণা।

এই দুই চুৰি কাণ্ডৰ গোচৰ ৰুজু হোৱাৰ পাছতে আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি স্পষ্ট হয় যে, এই দুই চুৰি কাণ্ড এজন ব্যক্তিয়েই সংঘটিত কৰিছে। আৰক্ষী সূত্ৰত জানিব পৰা মতে ৰাজেশ কাপুৰ নামৰ এজন যুৱকে যোৱা প্ৰায় ১ বছৰত ২০০ বাৰ বিমান ভ্ৰমণ কৰিছে আৰু প্ৰতিবাৰেই চুৰি কাণ্ড সংঘটিত কৰিছে।

এই ৰাজেশৰে হাত লাগিছিল এই দুই বিমান যাত্ৰীৰ বেগত। ৰাজেশ নামৰ এই যুৱকজনেই বিমানৰ পৰাই লুটি নিছিল দুয়োৰে অলংকাৰখিনি। দিল্লীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত উষা ৰংগানানিয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয়, আমি পাহাৰগঞ্জ এলেকাৰ পৰা ৰাজেশক গ্ৰেপ্তাৰ কৰিছো। তেওঁৰ বাসগৃহৰ পৰা অভিযান চলাই লক্ষাধিক টকাৰ সোণৰ অলংকাৰ উদ্ধাৰ কৰিছোঁ।

ইয়াৰোপৰি তেওঁ কয়, বিগত ৩ মাহত আমি বিমানত পৃথক পৃথক চুৰিৰ অভিযোগ লাভ কৰিছিলোঁ। প্ৰাথমিক তদন্তত আমি গম পাইছিলোঁ এই দুটা চুৰিকাণ্ডৰ সৈতে এজন লোকেই জড়িত হৈ আছে। তাৰ পিছতে আমি এটা বিশেষ দল গঠন কৰি অনুসন্ধান আৰম্ভ কৰোঁ।

ৰুজু হোৱা দুয়োটা চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে প্ৰথমে চিচি টিভে ফুটেজ পৰীক্ষা কৰে। একেদৰে যাত্ৰীসকলৰ সবিশেষ পৰীক্ষা কৰে। এই পৰীক্ষাতে স্পষ্ট হয় ৰাজেশ কাপুৰ এই দুয়োখন বিমানতে আছিল আৰু তেওঁৱেই এই চুৰি কাণ্ড সংঘটিত কৰিছে।

আৰক্ষীয়ে প্ৰথমে বিমানৰ টিকট কৰাৰ সময়ত ব্যৱহাৰ কৰা ফোন নম্বৰ সংগ্ৰহ কৰি ৰাজেশৰ সৈতে যোগাযোগ কৰে যদিও সেই নম্বৰ ভুল বুলি জানিব পাৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰাজেশৰ প্ৰকৃত মোবাইল নম্বৰ সংগ্ৰহ কৰে আৰু সেই অনুসৰিয়েই তেওঁক আটক কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰে।

সেই পৰিকল্পনা অনুসৰিয়েই আৰক্ষীৰ হাতত ধৰা পৰে এই হাইপ্ৰফাইল চোৰটো। আৰক্ষীৰ তদন্তৰ সময়ত ৰাজেশে নিজ মুখে তেওঁ কৰা অপৰাধ স্বীকাৰ কৰিছে। তেওঁ আৰক্ষীক জনাইছে চুৰি কৰা গহণা বিক্ৰী কৰি যি টকা লাভ কৰিছিল সেই টকাৰে অনলাইন জুৱা খেলত ব্যৱহাৰ কৰিছে। এই ঘটনাৰে জড়িত আন এজন লোককো আৰক্ষীয়ে আটক কৰিছে। জানিব পৰা মতে এইজন লোকে ৰাজেশৰ পৰা চুৰি গহণা ক্ৰয় কৰিছিল।