'দিল্লীৰ নাগৰিকক বিনামূলীয়াকৈ ঔষধ দিয়া অৰবিন্দ কেজৰিৱালে পোৱা নাই ঔষধ' 
ৰাষ্ট্ৰীয়

'দিল্লীৰ নাগৰিকক বিনামূলীয়াকৈ ঔষধ দিয়া অৰবিন্দ কেজৰিৱালে পোৱা নাই ঔষধ'

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ সন্দৰ্ভত দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰিছে দিল্লীৰ নাগৰিকক বিনামূলীয়া স্বাস্থ্যৰ সুবিধা প্ৰদান কৰা অৰবিন্দ কেজৰিৱালক ঔষধ দিয়া হোৱা নাই। তেওঁক পৰিকল্পিতভাবে মৃত্যুৰ দিশে ঠেলি দিয়া হৈছে।

তেওঁ দাবী কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ দেহত ছুগাৰৰ মাত্ৰা বৃদ্ধি হৈছে, তেওঁক ইনছুলিনৰ প্ৰয়োজন। কিন্তু ইনছুলিন দিবলৈ মানা কৰা হৈছে। সৌৰভ ভৰদ্বাজে দাবী কৰিছে কাৰাগাৰত লাহে লাহে হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে দিল্লীৰ জনতাৰ দ্বাৰা নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীক।

তেওঁ কয়, মধুমেহ ৰোগত আক্ৰান্ত ৰোগীক ইনছুলিন নিদিলে ৰোগীৰ নাৰ্ভবোৰ দুৰ্বল হৈ পৰে। নাৰ্ভবোৰ দুৰ্বল হৈ পৰিলে লাহে লাহে দেহৰ এটা এটাকৈ অংগ বিকল হৈ পৰে। এনেদৰে এদিন বিভিন্ন অংগ বিকল হৈ ৰোগীৰ মৃত্যু হয়।

সৌৰভ ভৰদ্বাজে অভিযোগ কৰিছে যে, কেজৰিৱালৰ বিৰুদ্ধে এনেধৰণৰ এক কৌশল ৰচনা কৰা হৈছে। তেওঁলোকে বিচাৰে অৰবিন্দ কেজৰিৱালক সময়মতে ঔষধ দিয়া নহওক যাতে তেওঁৰ শৰীৰত ইয়াৰ প্ৰভাৱ পৰে আৰু তেওঁ কাৰাগাৰৰ পৰা বাহিৰলৈ আহি কেৱল শৰীৰ বিভিন্ন অংগৰ চিকিৎসা কৰিয়েই সময় পাৰ কৰিবলগীয়া হয়। লাহে লাহে তেওঁ মৃত্যুৰ মুখলৈ আগবাঢ়ে। সৌৰভ ভৰদ্বাজে কয়, কেজৰিৱালক ইনছুলিনৰ প্ৰয়োজন হৈছে সেয়ে ইনছুলিন দিয়ক।