দিল্লীত দেশৰ ভিতৰতে সৰ্বাধিক ৭০০০ কোটিৰ ৫০০ কেজি নিষিদ্ধ দ্ৰব্য জব্দ... 
ৰাষ্ট্ৰীয়

দিল্লীত দেশৰ ভিতৰতে সৰ্বাধিক ৭০০০ কোটিৰ ৫০০ কেজি নিষিদ্ধ দ্ৰব্য জব্দ...

গ্ৰেপ্তাৰ হোৱা চাৰি জনৰ দুজন আফাগান নাগৰিক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত দেশৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ নিষিদ্ধ কোকেইন জব্দ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীৰ বিশেষ শাখাই। মঙ্গলবাৰে দিল্লীত ৫০০ কেজিৰো অধিক পৰিমাণৰ কোকেইন জব্দ কৰাৰ কথা ঘোষণা কৰিছে দিল্লী আৰক্ষীয়ে।

জব্দকৃত এই নিষিদ্ধ কোকেইনখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰথমে ২০০০ কোটি টকা বুলি কোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত এই আনুমানিক মূল্য ৭০০০ কোটি টকাৰো অধিক হ'ব বুলি কোৱা হৈছে। আৰক্ষীয়ে এই নিষিদ্ধ দ্ৰব্যখিনি কঢ়িওৱা চাৰিজন সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এই নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী জড়িত হৈ আছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪ সৰবৰাহকাৰীৰ ভিতৰত দুজন আফগানিস্তানৰ নাগৰিক।

এই দুই আফগান নাগৰিক প্ৰথমে তিলক নগৰ অঞ্চলত দেওবাৰে পৃথকে পৃথকে ৪০০ গ্ৰাম আৰু ১৬০ গ্ৰাম কোকেইনৰ সৈতে আটক কৰাৰ পাছতে তদন্ত কৰি এই বৃহৎ পৰিমাণৰ কোকেইনখিনি জব্দ কৰিবলৈ সক্ষম হৈছে। দেওবাৰেই আকৌ দিল্লীৰ ইন্দিৰাগান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কাষ্টম ডিপাৰ্টমেণ্টে প্ৰায় ২৪ কোটি মূল্যৰ ১,৬৬০ গ্ৰাম কোকেইন জব্দ কৰিবলৈ সক্ষম হৈছিল।

এই সৰবৰাহকাৰীজন আছিল লাইবেৰীয়াৰ নাগৰিক। তেওঁ ডুবাইৰ পৰা দিল্লীলৈ এই নিষিদ্ধ দ্ৰব্যখিনি সৰবৰাহ কৰিছিল। তেওঁক এনডিপিএছ আইন-১৯৮৫ ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।