ৰাষ্ট্ৰীয়

টিউচন শিক্ষকক হানি-খুচি হত্যা ১৪ বছৰীয়া শিক্ষাৰ্থীৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লীত ১৪ বছৰীয়া শিক্ষাৰ্থীৰ হাতত প্ৰাণ গ'ল এজন টিউচন শিক্ষকৰ। শুকুৰবাৰে দিল্লীৰ জামিয়া নগৰত সংঘটিত হয় এই ঘটনা। এগৰাকী ছাত্ৰই চোকা অস্ত্ৰৰে নিজ টিউচন শিক্ষকক হত্যা কৰা ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ সন্দৰ্ভত দেওবাৰে ছাত্ৰজনক আটক কৰিছে আৰক্ষীয়ে।

ঘটনা অনুসৰি শিক্ষকজনে দীৰ্ঘদিন ধৰি ছাত্ৰজনক যৌন নিৰ্যাতন চলাই আহিছিল। তেওঁ অভিযোগ কৰা অনুসৰি টিউচন শিক্ষকজনে শুকুৰবাৰেও যৌন নিৰ্যাতন চলাই ভিডিও প্ৰস্তুত কৰিছিল শিক্ষকজনে। আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি চোকা অস্ত্ৰৰে হানি-খুচি শিক্ষকজনক হত্যা কৰে অভিযুক্ত ছাত্ৰজনে।

উল্লেখ্য যে, বিগত ৩০ আগষ্টৰ দুপৰীয়া প্ৰায় ২.১৫ বজাত আৰক্ষীয়ে এটা ফোনকল পাই ঘটনাস্থলীত উপস্থিত হয়। চহৰখনৰ জামিয়া নগৰৰ বাটলা হাউচৰ এটা ঘৰৰ দ্বিতীয় মহলাৰ কোঠাৰ পৰা তেজ ওলাই অহা প্ৰত্যক্ষ কৰি স্থানীয়লোকে অৱগত কৰিছিল আৰক্ষীক। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰে আৰু দেওবাৰে ছাত্ৰজনক আটক কৰে।