ডিব্ৰুগড় অভিমুখী ৰে'ল দুৰ্ঘটনাত পতিতঃ ৪ জন নিহত, কেইবাজনো আহত, হেল্প লাইন নম্বৰ মুকলি... 
ৰাষ্ট্ৰীয়

ডিব্ৰুগড় অভিমুখী ৰে'ল দুৰ্ঘটনাত পতিতঃ ৪ জন নিহত, কেইবাজনো আহত, হেল্প লাইন নম্বৰ মুকলি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গণ্ডাত সংঘটিত হৈছে এক ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত পতিত হৈ চণ্ডিগড়-ডিব্ৰুগড় এক্সপ্ৰেছখনৰ কেইবাটাও ডবা লাইনছ্যুত হৈ বাগৰি পৰিছে।

ঘটনাত এই পৰ্যন্ত ৪ জনকৈ যাত্ৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে আহত হৈছে আন বহু কেইজন যাত্ৰী। জানিব পৰা মতে ৰে'লখনৰ ১২ টা ডবা লাইছ্যুত হৈছে। ইয়াৰে ৫ টা ডবা বাগৰি পৰিছে। এটা ডবা লাইনৰ পৰা আঁতৰি বহু দূৰত গৈ বাগৰি পৰিছে।

এই ঘটনাৰ পাছতে ততাতৈয়াকৈ উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৪ খন এম্বুলেঞ্চ ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক ৰে'লৱে হাস্পতাললৈ লৈ গৈছে। ইয়াৰোপৰি জিলা প্ৰশাসন আৰু ৰে'লৱেৰ উচ্চস্তৰীয় বিষয়াসকলো সেই স্থানত গৈ উপস্থিত হৈছে।

অৱশ্যে এতিয়ালৈকে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। বিয়লি প্ৰায় ৩-৩০ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ সময়ত ৰে'লখনত অসমৰো বহু কেইজন যাত্ৰী থকাটো নিশ্চিত হৈছে।

সেয়ে অসমৰ ৰে'লৱে যাত্ৰীৰ বাবে নৰ্থইষ্টাৰ্ণ ৰে'লৱেয়ে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। তিনিচুকীয়াৰ বাবে ৯৯৫৭৫৫৫৯৮৪, ফৰকাটিঙৰ বাবে ৯৯৫৭৫৫৫৯৬৬, মৰিয়নিৰ বাবে ৬০০১৮৮২৪১০, শিমলুগুৰিৰ বাবে ৮৭৮৯৫৪৩৭৯৮, তিনিচুকীয়াত ৯৯৫৭৫৫৫৯৫৯ আৰু ডিব্ৰুগড়ৰ বাবে ৯৯৫৭৫৫৫৯৬০।

ইয়াৰোপৰি গুৱাহাটী ষ্টেচনৰ বাবে মুকলি কৰা হৈছে ৩ টাকৈ হেল্প লাইন নম্বৰ। সেই কেইটা ক্ৰমে ০৩৬১-২৭৩১৬২১, ০৩৬১-২৭৩১৬২২, ০৩৬১-২৭৩১৬২৩।

ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দুৰ্ঘটনাৰ ভয়াবহতাৰ কথা উপলদ্ধি কৰি ততকালীনভাৱে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই দুৰ্ঘটনাৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ যাত্ৰীসকলে যাতে কোনো কাৰণতে সমস্যাৰ সন্মুখীন হব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোধৰণৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে।

এন এফ ৰে'লৱে মালিগাওঁৰ ফালৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিত তলত উল্লেখিত হেল্প লাইন নম্বৰ মুকলি

- Commercial Control (Tinsukia): 9957555984

- Furkating (FKG): 9957555966

- Mariani (MXN): 6001882410

- Simalguri (SLGR): 8789543798

- Tinsukia (NTSK): 9957555959

- Dibrugarh (DBRG): 9957555960

- Commercial Control (Katihar): 9771441956, 9002041952

- Katihar (KIR):6287801805

- Kishanganj (KNE) - 06456226794, 7542028020,

- New Jalpaiguri (NJP) – 6287801758

- Siliguri (SGUJ) – 9749397735

- Commercial control (Alipurduar): 9046226635, 03564-270870, 03564-270871

- New Coochbehar (NCB):7605036155

- New Alipurduar(NOQ):7595001310

- Kokrajhar(KOJ):9046007023

- Guwahati (GHY) -0361 2731621, 622, 623

- Kamakhya (KYQ): 0361 2670086

- Commercial Control (Guwahati): 9957553299

- Lumding(LMG): 03674 263120, 263126

- GONDA – 8957400965

- LUCKNOW- 8957409292

- GORAKHPUR- 05512208169