এসময়ত আছিল অতিৰিক্ত আৰক্ষী অধীক্ষকঃ কু-কৰ্মৰ ফলত হ'ল চিপাহী 
ৰাষ্ট্ৰীয়

এসময়ত আছিল অতিৰিক্ত আৰক্ষী অধীক্ষকঃ কু-কৰ্মৰ ফলত হ'ল চিপাহী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাল কৰ্ম কৰিলে যিদৰে ভাল ফল লাভ কৰে, পুৰস্কাৰ লাভ কৰে সেইদৰেই কু-কৰ্ম কৰিও তাৰ ফল লাভ কৰে মানুহে। অৱশ্যে কু-কৰ্মৰ ফলাফলো সেই কামৰ দৰেই হয়। জন সুৰক্ষা আৰু আইন ৰক্ষাৰ দায়িত্বৰে আৰক্ষী বিভাগত নিয়োজিত হোৱা এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষৰ পৰ্যায়ৰ বিষয়াই নিজৰ কু-কৰ্মৰ ফলতেই চিপাহী পৰ্যায়লৈ অৱনমিত হোৱা ঘটনাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

ঘৰুৱা কামৰ অচিলাৰে ছুটি লৈ বিভাগৰে এগৰাকী মহিলা চিপাহীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰা উত্তৰ প্ৰদেশৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ এই বিষয়াগৰাকীক বিভাগীয় তদন্তৰ অন্তত চিপাহীলৈ অৱনতি কৰা হৈছে।

সেয়া আছিল ২০২১ চনৰ কথা। অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া কৃপাশংকৰ কনৌজিয়া সেই সময়ত গৌৰখপুৰত থকা পিএচিৰ ২৬ বাহিনীৰ অতিৰিক্ত কামাণ্ডেণ্ট হিচাপে কৰ্মৰত আছিল। সেই সময়তে তেওঁৰ এগৰাকী সহযোগী মহিলা চিপাহীৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি উঠে।

এই সম্পৰ্কৰ বাবেই তেওঁ ঘৰত জৰুৰী কাম থকা বুলি কৈ বাহিনীৰ অধিনায়কৰ পৰা ছুটি লয়। ইফালে কৃপাশংকৰৰ পত্নীয়ে বাৰে বাৰে ফোন কৰিও তেওঁৰ সৈতে কোনো সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে। এনে পৰিস্থিতিত কৃপাশংকৰৰ পত্নীয়ে কোনো অঘটন ঘটাৰ আশংকাৰে উন্নাৰ আৰক্ষী অধীক্ষকৰ কাষ চাপে।

অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া কৃপাশংকৰৰ কোনো সম্ভেদ নোপোৱাৰ খবৰ পোৱা লগে লগে আৰক্ষী বিভাগতে হুলস্থুলীয়া এক পৰিবেশৰ সূচনা হয়। জিলাই জিলাই আৰক্ষী সস্তম হৈ পৰে। আৰম্ভ কৰে কৃপাশংকৰক উদ্ধাৰ অভিযান।  

তাৰ মাজতে এটা অনুসন্ধানকাৰী দলে কৃপাশকংৰৰ মোবাইলৰ ট্ৰেক কৰি তেওঁৰ অন্তিম লোকেচন কানপুৰৰ মল ৰোড বুলি জানিব পাৰে। লগে লগে অনুসন্ধানকাৰী দলে কানপুৰত আৰম্ভ কৰে তেওঁৰ অনুসন্ধান।

এই অনুসন্ধানৰ সময়তে এখন হোটেলত অনুসন্ধানকাৰী দলে কৃপাশংকৰৰ এখন ফটো দেখুৱাই সেই ব্যক্তিজনক দেখিছে নেকি বুলি প্ৰশ্ন কৰাত হোটেলখনৰ ৰিচিপচনিষ্ট গৰাকীয়ে কৃপাশংকৰ এগৰাকী মহিলাৰ সৈতে হোটেলৰ এটা কোঠাতে আছে বুলি তেওঁলোকক অৱগত কৰে। ইয়াৰ পিছতে অনুসন্ধানকাৰী দলটোৱে তেওঁলোকৰ উৰ্ধতম কৰ্তৃপক্ষক কৃপাশংকৰক এখন হোটেলত উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে।

লগে লগে কৃপাশংকৰকো ভিডিঅ’ কলৰ জৰিয়তে পত্নী আৰু উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে কথা পাতিবলৈ দিয়ে। ভিডিঅ’কলত কৃপাংশকৰে এখন বিয়াত ভাগ লবলৈ কানপুৰলৈ আহিছিল বুলি পত্নীক কৈছিল যদিও কৃপাংশকৰৰ সমগ্ৰ কু-কৰ্ম তেতিয়ালৈকে ফাদিল হৈছিল।

এনে পৰিস্থিতিত ডিজিপি কাৰ্যালয়ৰ পৰা কৃপাশংকৰৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰে। এই তদন্তৰ অন্ততে অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াগৰাকীক দোষী সাব্যস্ত কৰা হয় আৰু যিটো বাহিনীৰ তেওঁ অতিৰিক্ত কামাণ্ডেণ্ট হিচাপে কৰ্মৰত আছিল সেই বাহিনীতে তেওঁক চিপাহীৰ পদলৈ পদৰ অৱনতি কৰা হয়।