অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন... 
ৰাষ্ট্ৰীয়

অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে জম্মু কাশ্মীৰত। আজি দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে জম্মু কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে।

ইয়াৰ লগে লগে ১০ বছৰৰ পিছত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হয়। শুকুৰবাৰে নিৰ্বাচন আয়োগৰ সংবাদ মেলত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে জনোৱা অনুসৰি জম্মু কাশ্মীৰত মুঠ ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন।

৯০ খন আসনৰ বাবে ৰাজ্যখনত ১৮, ২৫ ছেপ্টেম্বৰত আৰু ১ অক্টোবৰত মুঠ তিনিটা পৰ্যায়ত ভোটগ্ৰহণ হ’ব। এই নিৰ্বাচনৰ বাবে ২০ আগষ্টত ঘোষণা হ'ব চূড়ান্ত ভোটাৰ তালিকা। নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব ৪ অক্টোবৰত।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৭ আগষ্ট, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৫ ছেপ্টেম্বৰ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১২ ছেপ্টেম্বৰ। সেই দৰেই মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ক্ৰমে ৩০ আগষ্ট, ৯ আৰু ১৭ ছেপ্টেম্বৰ।

সেইদৰেই হাৰিয়ানা বিধানসভাৰো নিৰ্বাচনৰ ফলাফল ৪ অক্টোবৰতেই ঘোষণা হ'ব। ৯০ খন আসনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অৱশ্যে এটা পৰ্যায়ত ১ অক্টোবৰত অনুষ্ঠিত হ’ব।   

ৰাজ্যখনত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১২ ছেপ্টম্বৰ। মনোনয়ন প্ৰত্যাহ্বাৰৰ অন্তিম দিন ১৬ ছেপ্টেম্বৰ।

ইফালে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ ম্যাদ শেষ হ’বলৈ মাজত বৰ বেছি সময় নথকাৰ বাবে এই দুয়োখন ৰাজ্যৰ বাবেও নিৰ্বাচনৰ দিন আজিয়েই ঘোষণা কৰা হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও আজি অৱশ্যে এই দুয়োখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা নকৰিলে। সেইদৰে কেইবাখনো ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিনো আজিৰ এই সংবাদ মেলতে ঘোষণা কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও সেয়াও ঘোষণা নকৰিলে।

উল্লেখ্য যে, জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ এক দীঘলীয়া সময় অতিক্ৰম কৰিলে। বিগত বছৰত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক নিৰ্দেশত শীঘ্ৰেই জম্মু কাশ্মীৰত গণতন্ত্ৰৰ পুনৰুত্থান অতি জৰুৰী বুলি ঘোষণা কৰিছিল।

২০২৪ ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈয়ো নিৰ্দেশ জাৰি কৰিছিল। সেই অনুসৰিয়েই আজি ৰাজ্যখনৰ বাবে ৩ টা পৰ্যায়ত ভোটগ্ৰহণৰ দিন ঘোষণা কৰা হয়।

সংবাদ মেলত ৰাজীৱ কুমাৰে জম্মু কাশ্মীৰ প্ৰসংগত কয়, লোকসভা নিৰ্বাচনত এই অঞ্চলটোৰ ৰাইজে গণতন্ত্ৰক ৰক্ষা কৰি বুলেটৰ বিৰুদ্ধে বেলেটক জয়ী কৰিছে। উল্লেখ্য যে, জম্মু কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন অন্তিমবাৰৰ বাবে ২০২৪ ত অনুষ্ঠিত হৈছিল। সেইবাৰ ৰাজ্যখনত গঠন হৈছিল বিজেপি আৰু পি ডি পিৰ চৰকাৰ।