আজি বিয়লি ঘোষণা হ'ব মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, হাৰিয়ানাৰ নিৰ্বাচনৰ দিন: জম্মু কাশ্মীৰলৈয়ো আহিব পাৰে ডাঙৰ খবৰ... 
ৰাষ্ট্ৰীয়

আজি বিয়লি ঘোষণা হ'ব মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, হাৰিয়ানাৰ নিৰ্বাচনৰ দিন: জম্মু কাশ্মীৰলৈয়ো আহিব পাৰে ডাঙৰ খবৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ব ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। দেশৰ নিৰ্বাচন আয়োগে বিয়লি ঘোষণা কৰিব মহাৰাষ্ট্ৰ, হাৰিয়ানা, ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ সময়সূচী।

উল্লেখ্যে যে, অহা অহা পাঁচ মাহৰ ভিতৰত এই তিনিওখন ৰাজ্যৰে বিধানসভা নিৰ্বাচনৰ ম্যাদ অন্ত পৰিব। সেয়ে শুকুৰবাৰে ৩ বজাত নিৰ্বাচন আয়োগে তিনিওখন ৰাজ্যৰ নিৰ্বাচনৰ দিন একেলগে ঘোষণা কৰিব।

সমান্তৰালকৈ আজিয়েই জম্মু কাশ্মীৰৰো নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো উচ্চতম ন্যায়ালয়ে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি থৈছে।

মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা বিধানসভাৰ ম্যাদ অহা ৩ নৱেম্বৰ আৰু ২৬ নৱেম্বৰত অন্ত পৰিব। ঝাৰখণ্ডৰ বিধানসভাৰ ম্যাদ শেষ হ’ব অহা বছৰৰ জানুৱাৰী মাহত। সেয়ে এই তিনিওখন ৰাজ্যৰে নিৰ্বাচনৰ দিন একেলগে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

সংবিধানৰ অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত বিগত বছৰত উচ্চতম ন্যায়ালয়ে জম্মু কাশ্মীৰত গণতন্ত্ৰ পুৰুত্থানৰ কথা উল্লেখ কৰিছিল। সেই অনুসৰিয়েই ২০২৪ ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত ইয়াত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব।

কেন্দ্ৰয়ো ৰাজ্যখনত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও জম্মু কাশ্মীৰত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত প্ৰদান কৰিছিল।

নিৰ্বাচন আয়োগৰ এটা দলে জম্মু কাশ্মীৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে। সেই অনুসৰি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। সেয়ে আজিয়েই কাশ্মীৰৰো নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভৱানা আছে।

এই ৰাজ্যসমূহৰ উপৰিও একাধিক ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনৰো দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। অসমৰ ৫ খন বিধানসভা আসন খালী হৈ আছে।

এই পাঁচোখন আসনৰ বাবে ইতিমধ্যে সংশোধিত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাইছে। পূ্ৰ্বেও নিৰ্বাচন আয়োগে ছেপ্টেম্বৰৰ ভিতৰত অসমৰ এই আসন কেইখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু বুলি মন্তব্য কৰিছিল।