ৰাষ্ট্ৰীয়

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰঃ আজি শুনানি হ'ব উচ্চতম ন্যায়ালয়ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আৰু লৈ যায় ইডিৰ কাৰ্যালয়লৈ। নিশাটো ইডি কাৰ্যালয়তে কটায় মুখ্যমন্ত্ৰীগৰাকীয়ে। সুুৰা নীতি কেলেংকাৰীৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই সন্দৰ্ভত আপে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এই সন্দৰ্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ'ব।

আম আদমী পাৰ্টিৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। সূত্ৰ অনুসৰি ইডিয়ে ইয়াৰ পূৰ্বে তেওঁক জেৰা চলাইছিল আৰু নথি পত্ৰ জব্দও কৰিছিল।

জানিব পৰা মতে আজি কেজৰৱিলাক ইডিয়ে আদালতত হাজিৰ কৰিব আৰু সোধা পোছাৰ বাবে জিম্মাত বিচাৰিব।

এই সন্দৰ্ভত আপে কৈছে যে কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব। প্ৰয়োজন হ'লে তেওঁ জেলৰ পৰাই চৰকাৰ চলাব। আনহাতে বিজেপিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবী কৰিছে।

আপৰ নেতা ৰাঘৱ চড্ডাই অভিযোগ উত্থাপন কৰি কৈছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰিবন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাতো এক ডাঙৰ ষড়যন্ত্ৰ। এই সন্দৰ্ভত আজি আপে বিৰোধ প্ৰদৰ্শন কৰিব। জানিব পৰা মতে পুৱাৰ ভাগত ৰাহুল গান্ধীয়ে অৰবিন্দ কেজৰিৱালৰ পৰিয়ালৰ কাষত উপস্থিত হ'ব।

উল্লেখ্য যে, ইডিয়ে সুৰা নীতি কেলেংকাৰীৰ অধীনত কেজৰিৱালক ৯ বাৰ চমন জাৰি কৰিছিল যদিও এবাৰো হাজিৰ হোৱা নাছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। এই সন্দৰ্ভত কেজৰিৱাল দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু গ্ৰেপ্তাৰত বাধা আৰোপ কৰাৰ বাবে আবেদন দাখিল কৰিছিল। কিন্তু এই আবেদন ন্যায়ালয়ে খাৰিজ কৰাৰ পাছতেই ইডিয়ে গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।