ৰাষ্ট্ৰীয়

ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুধবাৰে ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমক ইডিয়ে গ্ৰেপ্তাৰ কৰে। ইডিয়ে তেওঁৰ ব্যক্তিগত সচিব আৰু ঘৰুৱা সহায়কৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰৰ কৰে ইডিয়ে।

উল্লেখ্য যে বুধবাৰে বলৱৎকাৰী সঞ্চালকালয়ে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰে। তেওঁৰ ব্যক্তিগত সচিবৰ ঘৰুৱা সহায়ৰ ঘৰৰ পৰা ৩৫ কোটি টকা উদ্ধাৰ কৰে। মঙলবাৰে নগদ ধন জব্দ কৰাৰ সন্দৰ্ভত প্ৰায় ১০ঘন্টা জেৰা কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰে মন্ত্ৰীজনক।

উল্লেখ্য যে যোৱা ৬ মে'ত ইডিয়ে মন্ত্ৰীজনৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ ঘৰুৱা পৰিচাৰক জাহাংগীৰ আলমৰ ঘৰত তালাচী চলাই নগদ কেইবা কোটি টকা উদ্ধাৰ কৰে। ইয়াৰ পাছতেই সঞ্জীৱ লাল আৰু জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰে ইডিয়ে।