ৰাষ্ট্ৰীয়

পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰীক আটক ইডিৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেশজুৰি অৱ্যাহত আছে ই ডিৰ অভিযান। সোমবাৰে এক গুৰুত্বপূৰ্ণ অভিযোগত ইডিয়ে আটক কৰে পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী ধৰমচটক।

মানি লণ্ডাৰিং গোচৰত পঞ্জাৱৰ প্ৰাক্তন বন মন্ত্ৰীগৰাকীক সংস্থাটোৱে গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে। সোমবাৰে কংগ্ৰেছ নেতা তথা পঞ্জাৱৰ প্ৰাক্তন বন মন্ত্ৰী সাধু সিং ধৰমচটক মানি লণ্ডাৰিং প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত জলন্ধৰৰ পৰা বন কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

ইডিৰ এজন শীৰ্ষ বিষয়াই জনোৱামতে প্ৰাক্তন মন্ত্ৰী ধৰমচটক পিএমএলএৰ ব্যৱস্থাৰ অধীনত প্ৰায় ৬ঘণ্টা ধৰি জেৰা চলোৱা হয়। কিয়নো তেওঁ ২০১৭-২০২২ বৰ্ষৰ পৰা কংগ্ৰেছৰ শাসনকালত বন মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত জমা হোৱা কোটি কোটি টকাৰ পুঁজি বিতৰণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল।

এই সন্দৰ্ভতে আটকাধীন প্ৰাক্তন মন্ত্ৰীগৰাকীক সোধা-পোচা কৰা হয়। অৱশ্যে এই সন্দৰ্ভত তেওঁৰ সঁহাৰি অসন্তোষজনক আছিল বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।