ৰাষ্ট্ৰীয়

ঝাৰখণ্ড নিবিদা কেলেংকাৰীঃ মন্ত্ৰীৰ পিএ ৰ সহায়কৰ পৰা জব্দ কোটি টকা..

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ত নিবিদা আয়োগ কেলেংকাৰিৰ গোচৰ সন্দৰ্ভত ইডিয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। এই বিষয়ত ধন সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছত পিএমএলএৰ অধীনত ৬টা স্থানত অভিযান চলোৱা হয়। লগতে ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলম গীৰৰ ব্যক্তিগত সম্পাদক সঞ্জীৱ লালৰ ঘৰুৱা সহায়ক ঘৰটো তালাচী চলায়।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডি য়ে ঝাৰখণ্ড চৰকাৰৰ মন্ত্ৰী আলমগীৰ আলমৰ অ’এছডি সঞ্জীৱ লালৰ সহায়কৰ ঘৰৰ পৰা প্ৰায় ৩০ কোটি টকা নগদ ধন জব্দ কৰে।

পুৱাৰ পৰা আৰম্ভ হোৱা ইডি ৰ তদন্ত অভিযান এই পৰ্যন্ত অব্যাহত আছে। ইফালে উক্ত ঘটনাৰ সৈতে তেওঁৰ কোনো লেনদেন নাই বুলি মন্ত্ৰী আলমগীৰ আলমে স্পষ্ট কৰে। উক্ত ঘটনা সন্দৰ্ভত কেবাগৰাকী নেতা,চৰকাৰী বিষয়াৰ লগতে ব্যৱসায়ীক তদন্তৰ আওতালৈ অনা হৈছে।

উল্লেখ্য যে,২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ইডি ৰ এটা দলে গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা বীৰেন্দ্ৰ ৰামৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানেও কাৰাবন্দী বীৰেন্দ্ৰ ৰাম।